Breaking

ভাৰতত বৃদ্ধি পাইছে মূৰ আৰু ডিঙিত কৰ্কট আক্ৰান্ত ৰোগীৰ সংখ্যা !  মৌখিক যৌন সম্ভোগৰ বাবে যুৱতীসকল এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বেছি…

0 91

উদ্বেগজনক খবৰ! ভাৰতত বৃদ্ধি পাইছে মূৰ আৰু ডিঙিত কৰ্কট আক্ৰান্ত ৰোগীৰ সংখ্যা। বিশেষজ্ঞৰ মতে, ধঁপাত সেৱনৰ ফলত যুৱক-যুৱতীসকল এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বেছি । ২০৪০ চন পৰ্যন্ত এই ৰোগীৰ সংখ্যা ২.১ মিলিয়ন হোৱাৰ আশংকা ব্যক্ত।

শেহতীয়া অধ্যয়নত পোহৰলৈ আহিছে যে ধূমপান আৰু সুৰাপানৰ উপৰিও মৌখিক যৌন সম্ভোগ (oral sex) আৰু একাধিক সংগীৰে যৌন সম্ভোগৰ দ্বাৰা হিউমেন পেপিলোমা ভাইৰাছ (HPV) সংক্ৰমণৰ ফলত ডিঙিৰ কৰ্কট ৰোগ হোৱা দেখা যায় । ব্ৰাচেলছ কৰ্কট পঞ্জীয়ন ফাউণ্ডেচনৰ মতে, ডিঙিৰ কৰ্কট ৰোগৰ পৰিসংখ্যালৈ লক্ষ্য কৰিলে ২০১৯ চনত ২,৭৬৬ টা নতুনকৈ মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ ঘটনা পোহৰলৈ আহিছিল যিটো প্ৰতি বছৰে প্ৰতি ১,০০,০০০ জনসংখ্যাৰ ২৪.২ নতুন ৰোগ নিৰ্ণয়ৰ সমান । ৰোগীসকলৰ ভিতৰত পুৰুষৰ সংখ্যা আছিল সৰ্বাধিক ২,০৫৮ গৰাকী, আনহাতে মহিলা ৭০৮ গৰাকী ।

ইউজেড লিউভেনৰ (UZ Leuven) অধ্যাপক ডাঃ পিয়েৰ ডেলায়েৰে কয় যে শেহতীয়া বছৰবোৰত HPV ভাইৰাছৰ ফলত হোৱা ডিঙিৰ কৰ্কট ৰোগৰ সংখ্যা বৃদ্ধি পাইছে । পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত ইজনৰ পৰা সিজনলৈ যৌন সম্ভোগৰ ফলত এইচ.পি.ভি. সংক্ৰমণৰ দ্বাৰা মুখ গহ্বৰৰ কৰ্কট ৰোগ হ’ব পাৰে (Causes of throat cancer)। অধ্যাপকগৰাকীৰ মতে ডিঙিৰ কৰ্কট ৰোগ Oral sexৰ জৰিয়তে সংক্ৰমণ হ’ব পাৰে (Oral sex cause throat cancer)।

বেছিভাগ ক্ষেত্ৰতে, ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে শৰীৰৰ পৰা ভাইৰাছটো আঁতৰ কৰে, কিন্তু কেতিয়াবা ভাইৰাছটো মুখ গহ্বৰৰ কোষবোৰত থাকি যায় । যাৰ ফলত দীৰ্ঘম্যাদী সংক্ৰমণ হ’ব পাৰে । ফলস্বৰূপে, কোষবোৰৰ পৰিৱৰ্তন হ’ব পাৰে আৰু ইয়াৰ পৰিণতি হ’ব পাৰে ডিঙিৰ কৰ্কট ৰোগ ।

কৰ্কট ৰোগ উৎপত্তি –
শৰীৰৰ জীৱনৰ প্ৰাথমিক একক কোষত কৰ্কট ৰোগ আৰম্ভ হয়। কৰ্কট ৰোগক বুজি পাবলৈ হ’লে এটা স্বাভাৱিক কোষ কেনেকৈ কৰ্কট কোষলৈ পৰিৱৰ্তন হয় সেইটো জানিবলৈ সহায়ক হ’ব।

শৰীৰটো বহু বিভিন্ন ধৰণৰ কোষসমূহেৰে গঠিত হয়। শৰীৰৰ সু-স্বাস্থ্য বজাই ৰাখিবলৈ প্ৰয়োজন অনুসৰি নিয়ন্ত্ৰিতভাৱে এই কোষসমূহ বৃদ্ধি পায় আৰু বিভাজিত হৈ অধিক কোষৰ সৃষ্টি কৰে।

যেতিয়া কোষসমূহ বৃদ্ধ হয় বা কিবা কাৰণত ধ্বংস হয় তেতিয়া এইবোৰৰ মৃত্যু হয় ইয়াৰ ঠাইত নতুন কোষৰ সৃষ্টি হয়।

তথাপিও কেতিয়াবা এই ক্ৰম অনুসৰি থকা প্ৰক্ৰিয়াত বিসংগতি ঘটে। কোষৰ জিনগত সামগ্ৰী (ডিএনএ) কেতিয়াবা ধ্বংস হ’ব পাৰে বা সলনি হ’ব পাৰে, ৰূপান্তৰ হোৱাৰ ফলত কোষৰ স্বাভাৱিক বৃদ্ধি আৰু বিভাজনত প্ৰভাৱ পেলাব পাৰে। যেতিয়া এনে হয় তেতিয়া কোষবোৰৰ সময়ত মৃত্যু নহয় আৰু শৰীৰটোক প্ৰয়োজন নথকা অৱস্থাতো নতুন কোষৰ সৃষ্টি হয়।

এনে অতিৰিক্ত আৰু অপ্ৰয়োজনীয় নতুন কোষবোৰে এটা মাংসপিণ্ডৰ সৃষ্টি কৰে। এইবোৰকে টিউমাৰ বোলা হয়। সকলোবোৰ টিউমাৰেই কৰ্কট ৰোগ নহয়, টিউমাৰবোৰ ক্ষতিকাৰক নহ’বও পাৰে বা ক্ষতিকাৰক মেলিগনেন্টো হ’ব পাৰে।

অবিপদজনক টিউমাৰবোৰ কৰ্কট ৰোগ নহয়। এইবোৰ আঁতৰাই পেলাব পৰা যায় আৰু এইবোৰ পুনৰাই সৃষ্টি নহয়। অবিপদজনক টিউমাৰত থকা কোষসমূহ দেহৰ আন অংশলৈ বিয়পি নপৰে।ক্ষতিকাৰক মেলিগনেন্ট টিউমাৰবোৰৰ পৰা কৰ্কট ৰোগ হয়।

এনে টিউমাৰত থকা কোষবোৰে ওচৰৰ কলাসমূহ ক্ষতি কৰিব পাৰে আৰু শৰীৰৰ বিভিন্ন অংশলৈ বিয়পি পৰিব পাৰে। এনেদৰে এই কৰ্কট কোষবোৰ এটা অংগৰ পৰা আন এটা অংগলৈ বিয়পি পৰাতো মেটাছটাছিছ বোলা হয়। লিউকেমিয়া- এই কৰ্কট ৰোগবিধ হাড়ৰ মজ্জা আৰু তেজত হয়।

ই কোনো টিউমাৰৰ সৃষ্টি নকৰে।কৰ্কট ৰোগৰ কিছুমান লক্ষণ সমূহ: স্তন বা শৰীৰৰ আন ঠাইত নতুনকৈ টেমুনা বা মঙহৰ টুকুৰা সৃষ্টি হোৱা।নতুন তিল বা মাহ সৃষ্টি হোৱা বা পুৰণি কোনো তিল বা মাহৰ পৰিৱৰ্তন হোৱা।

চিকিৎসাৰ পিছতো বহুদিনলৈ ঘাঁ আৰোগ্য নোহোৱা। বহুদিন ধৰি কাঁহ হৈ থকা। শৌচ প্ৰস্ৰাৱৰ অভ্যাস পৰিৱৰ্তন হোৱা। খাদ্য গ্ৰহণৰ পিছত অস্বস্তিবোধ হোৱা। ঢোক গিলোতে কষ্ট পোৱা। কোনো কাৰণ নোহোৱাকৈ অস্বাভাৱিকভাৱে ওজন বৃদ্ধি বা হ্ৰাস পোৱা। অস্বাভাৱিক ৰক্তপাত বা ৰক্তক্ষৰণ হোৱা।দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰি থকা।

বেছিভাগ ক্ষেত্ৰতে এই লক্ষণসমূহ কৰ্কট ৰোগৰ বাবেই যে হৈছে সেইটো নহয়। এনেবোৰ লক্ষণ টিউমাৰ বা আন সমস্যাৰ বাবেও হ’ব পাৰে। কেৱল চিকিৎসকেহে নিশ্চিতভাৱে ক’ব পাৰিব।

যদি কোনো ব্যক্তিৰ এনে লক্ষণসমূহ থাকে বা স্বাস্থ্য সম্পৰ্কীয় আন পৰিৱৰ্তন দেখা যায় তেন্তে ৰোগ নিৰ্ণয়ৰ বাবে চিকিৎসকৰ কাষ চাপিব লাগে আৰু যিমান শীঘ্ৰে সম্ভৱ হয় চিকিৎসা কৰাব লাগে। সাধাৰণতে কৰ্কট ৰোগৰ প্ৰাথমিক অৱস্থাত কোনো বিষ অনুভূত নহয়। যদিহে আপোনাৰ এই লক্ষণবোৰে দেখা দিছে তেন্তে বিষ উপলব্ধি কৰালৈকে অপেক্ষা কৰি নাথাকি চিকিৎসকক দেখুৱাওঁক।

Leave A Reply

Your email address will not be published.