Breaking

চকুৰ দৃষ্টিশক্তি ভালে ৰাখিবলৈ কি কি খাদ্য খাব জানেনে…

0 29

বয়স বঢ়াৰ লগে লগে আমাৰ চকুৰ দৃষ্টিশক্তি কমিবলৈ আৰম্ভ কৰে, কিন্তু সঠিক খাদ্যৰ জৰিয়তে আমি আমাৰ দৃষ্টিশক্তি উন্নত কৰিব পাৰোঁ। চকুৰ বাবে কোনবোৰ খাদ্য ভাল জানি লওক…


১/ বিলাহীঃ চকুৰ বাবে বিলাহীক সৰ্বোত্তম খাদ্য বুলি গণ্য কৰা হয়। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু বিটা-কেৰটিন থাকে, যিয়ে চকুৰ দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে বিটা-কেৰটিন হৈছে এক প্ৰকাৰৰ এন্টিঅক্সিডেন্ট যিয়ে চকুক ক্ষতিকাৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে। বিলাহী চালাড, ৰস বা শাক-পাচলিৰ ৰূপত খাব পাৰি।

২) সেউজীয়া পাতৰ শাক-পাচলিঃ পালেং, বন্ধাকবি, আৰু অন্যান্য সেউজীয়া পাতৰ শাক-পাচলিত লুটিন আৰু জিএক্সান্থিনৰ দৰে এন্টিঅক্সিডেন্ট থাকে, যিয়ে চকুৰ দৃষ্টিশক্তি উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই পুষ্টিকৰ উপাদানসমূহে ৰেটিনাক সুৰক্ষা দিয়ে আৰু বয়সৰ লগত জড়িত চকুৰ মেকুলাৰ ডিজেনেৰেচনৰ সম্ভাৱনা হ্ৰাস কৰে।

৩/ চৰ্বিযুক্ত মাছঃ মাছ বিশেষকৈ ছালমন, টুনা, চাৰ্ডিন আদিত ওমেগা-৩ ফেটি এচিড প্ৰচুৰ পৰিমাণে থাকে। চকুৰ বাবে ওমেগা-৩ ফেটি এচিড অত্যন্ত উপকাৰী। সপ্তাহত দুবাৰকৈ মাছ মাছ খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধিত সহায়ক হ’ব।

৪/ কণীঃ কণীত অধিক পৰিমাণে লুটিন, জিএক্সান্থিন, ভিটামিন এ থাকে। এই সকলোবোৰ পুষ্টিকৰ উপাদানে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। বিশেষকৈ কণীৰ হালধীয়া অংশ চকুৰ বাবে উপকাৰী।

Leave A Reply

Your email address will not be published.