Breaking

গ্ৰীষ্ম প্ৰৱাহৰ তীব্ৰতাৰ বাবে নানা ধৰণৰ ৰোগত আক্ৰান্ত ব্যক্তিৰ সংখ্যা অনাকাংক্ষিতভাৱে বৃদ্ধি…

0 29

অসম তথা ভাৰতৰ প্ৰায় আটাইবোৰ ৰাজ্যতে গৰমৰ দিনকেইটাত পৰিৱেশজনিত উষ্ণতা ক্ৰমাগতভাৱে বাঢ়ি গৈছ। ক্ৰমাগতভাৱে এনেদৰে বৃদ্ধি পোৱা উষ্ণতাৰ হেতুকে এক অবৰ্ণনীয় তথা ভয়ংকৰ পৰিস্থিতিৰ আৱৰ্তত সোমাইছে আমাৰ দেশৰ জনসাধাৰণ। গ্ৰীষ্ম প্ৰৱাহৰ তীব্ৰতা বঢ়া হেতুকে নানা ধৰণৰ ৰোগত আক্ৰান্ত ব্যক্তিৰ সংখ্যা অনাকাংক্ষিতভাৱে বাঢ়িছে। মাত্ৰাধিক গৰম পৰিলে বা গ্ৰীষ্ম প্ৰৱাহৰ সন্মুখীন দীঘলীয়া সময়ৰ বাবে হ’বলগীয়া হ’লে নানা ধৰণৰ ৰোগৰ সৃষ্টি হ’ব পাৰে।

সেইবোৰৰ ভিতৰত উল্লেখনীয় হৈছে হিট ষ্ট্ৰোক আৰু হিট ছিনকোপ। এনে ধৰণৰ ৰোগ বা ৰুগ্নাৱস্থাত প্ৰতি বছৰে এতিয়ালৈকে মুষ্টিমেয়সংখ্যক ব্যক্তিহে আক্ৰান্ত হয় যদিও প্ৰতি বছৰে ক্ৰমবৰ্ধমান পৰিৱেশজনিত উষ্ণতাৰ পৰিপ্ৰেক্ষিতত এই সংখ্যা লাহে লাহে বঢ়াৰ শংকা দেখা দিছে। এই শংকাগ্ৰস্ততা ব্যক্ত কৰিছে এদল আমেৰিকান গৱেষকে।

আমেৰিকাৰ সুবিখ্যাত মেছাচুছেট ইনষ্টিটিউট অব্ টেকন’লজীৰ বিজ্ঞানীসকলে সংশ্লিষ্ট তথ্য পৰ্যবেক্ষণ কৰি প্ৰতিপন্ন কৰিছে যে বিগত প্ৰতিটো দশকতে উত্তৰ আৰু মধ্য ভাৰতত হোৱা বাৰ্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ ১.৩৪ মিঃ মিঃ হিচাপত বাঢ়িছে।

তদুপৰি ইয়াৰ পূৰ্বৰ অৰ্ধশতিকাত (অৰ্থাৎ ১৯৫০ চনৰ পৰা ২০০২ চনলৈ) মৌচুমী বায়ুৰ প্ৰভাৱত ঘটা বৃষ্টিপাতৰ পৰিমাণ প্ৰতিটো দশকতে গড় হিচাপে ০.১৮ মিঃ মিঃ হিচাপত টুটা বুলি (ভাৰতৰ সেই একেকেইটা অঞ্চলতে) বিজ্ঞানীসকলে এক হিচাপ কৰিছে। ইনষ্টিটিউটটোৰ চেণ্টাৰ ফৰ গ্ল’বেল ক্লাইমেট চেঞ্জৰ গৱেষক চিয়েং ৱাঙে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে গোলকীয় ভূমিভাগৰ উষ্ণতা বৃদ্ধি ঘটি সৃষ্টি হোৱা গ্ৰীষ্ম প্ৰৱাহৰ হেতুকেই বতৰৰ এনে পৰিৱৰ্তন দেখা গৈছে আৰু এনে পৰিঘটনাই বতৰ বিজ্ঞানীসকলক অধিক গৱেষণালব্ধ তথ্য আহৰণৰ সুবিধা প্ৰদান কৰিছে।

Leave A Reply

Your email address will not be published.