Breaking

দুৰ্গেশ্বৰ বৰুৱাৰ ” সত্ৰীয়া নৃত্যৰ মাতি আখৰা হস্ত” শীৰ্ষক গ্ৰন্থখন উন্মোচন…

0 65

শব্দ হৈছে যিকোনো এটা গধুৰ বিষয়ক সাৱলীল ভাৱে উপস্থাপন কৰিব পৰা ক্ষমতা – ড০ বসন্ত কুমাৰ গোস্বামী

দুৰ্গেশ্বৰ বৰুৱাৰ ” সত্ৰীয়া নৃত্যৰ মাতি আখৰা হস্ত” শীৰ্ষক গ্ৰন্থখন উন্মোচন

শিৱসাগৰৰ নটৰাজ সঙ্গীত মহাবিদ্যালয়
বিংশতিতম্ বর্ষপূর্তি অনুষ্ঠান “নৃত্য মঞ্জৰী-২০২৪”

“বিশটা বছৰে এটা সাংস্কৃতিক অনুষ্ঠানক সুচাৰুৰূপে পৰিচালনা কৰি অসমৰ সত্ৰীয়া সংস্কৃতিক বহুল ভাৱে প্ৰচাৰ কৰাৰ এক গুৰু দায়িত্ব পালন কৰি অহা শিৱসাগৰৰ নটৰাজ সঙ্গীত মহাবিদ্যালয় প্ৰচেষ্টা প্ৰশংসনীয় আৰু অতুলনীয়”। শিৱসাগৰ যুৱদলত কালি নিশা অনুষ্ঠিত হোৱা নটৰাজ সঙ্গীত মহাবিদ্যালয়ৰ বিংশতিতম বৰ্ষপুৰ্তি অনুষ্ঠানৰ সৈতে সংলগ্ন ৰাখি অনুষ্ঠিত হোৱা নৃত্য মঞ্জুৰী – ২০২৪ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড০ বসন্ত কুমাৰ গোস্বামীয়ে এনেদৰে মন্তব্য কৰে। নৃত্য মঞ্জুৰী অনুষ্ঠানৰ লগত সংগতি ৰাখি নটৰাজ সঙ্গীত মহাবিদ্যালয়ৰ অধ্যক্ষ দুৰ্গেশ্বৰ বৰুৱাৰ ” সত্ৰীয়া নৃত্যৰ মাতি আখৰা হস্ত” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি ড০ বসন্ত কুমাৰ গোস্বামীয়ে আৰু কয় যে, শব্দ হৈছে যিকোনো এটা গধুৰ বিষয়ক সাৱলীল ভাৱে উপস্থাপন কৰিব পৰা ক্ষমতা। শব্দ শৈলী উন্নত আৰু শুদ্ধ হল লিখিত অথবা কথিত দুয়োটাই সুন্দৰ হৈ পৰে বুলি বিশিষ্ট সাহিত্যিক গৰাকীয়ে উল্লেখ কৰে। ৰুমীণ বৰুৱাই আত ধৰা অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰি বিশিষ্ট সত্ৰীয়া সাংস্কৃতিৰ সাধক ৰাণা মহন্তই মহাবিদ্যালয়খনৰ পৰা সত্ৰীয়া সংস্কৃতিৰ দিশত আগুৱাই গৈ ছাত্র

ছাত্ৰী সকলে যি ধৰণ সফল হৈছে ই এক প্ৰশংসনীয় বিষয় বুলি তেওঁ উল্লেখ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ সম্পাদক দুৰ্গেশ্বৰ বৰুৱাই অধ্যক্ষৰ বক্তব্যত প্ৰকাশ কৰি কয় যে – ২০ জুন ২০০৪ চনৰ ঐতিহ্যমণ্ডিত শিৱসাগৰত স্থাপিত হৈছিল সত্ৰীয়া নৃত্য-গীত-বাদ্যৰ এক প্ৰশিক্ষণ কেন্দ্ৰ “নটৰাজ কলাক্ষেত্র”। মাত্ৰ দুগৰাকী প্ৰশিক্ষাৰ্থীৰে নটৰাজ কলাক্ষেত্ৰৰ অধ্যক্ষ গৰাকীয়ে তেওঁৰ সহধণিনী মৌচুমী হাতীমূৰীয়া বৰুৱা আৰু কেইজনমান শুভাকাংক্ষীৰ সৈতে আৰম্ভ কৰা এই অনুষ্ঠানটিয়ে আজি বিংশতিতম্ বৰ্ষত ভৰি দিছে। বিগত ১৯ টা বছৰত নটৰাজ সঙ্গীত মহাবিদ্যালয়ৰ পৰা কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সত্ৰীয়া নৃত্য, খোলবাদ্য বিষয়ত বিষাদ (B. Mus) উপাধি লাভ কৰি অসমীয়া সংস্কৃতিক আগুৱাই নিবলৈ সক্ষম হৈছে। সকলো দিশ উন্নত দেখি “অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদে” নটৰাজ কলা ক্ষেত্ৰক নটৰাজ সঙ্গীত মহাবিদ্যালয়লৈ উন্নীত কৰিছে। বর্তমান এই মহাবিদ্যালয়ত B. Mus ৰ লগতে M. Mus ৰ শিক্ষা পাঠ্যক্ৰম চলি আছে আৰু বিভিন্ন জনে ভাৰত চৰকাৰৰ সাংস্কৃতি সঞ্চালকালয়ে আগবঢ়োৱা প্ৰতিভা বিকাশজলপানী লাভ কৰিবলৈ সক্ষম হৈ আহিছে। ইয়াৰ লগতে অসমৰ প্ৰথম মহিলা গায়ন-বায়ন প্রদর্শণ এই মহাবিদ্যালয়ৰ তৰফৰ পৰা কৰা হৈছে বুলি অধ্যক্ষ দুৰ্গেশ্বৰ বৰুৱাই উল্লেখ কৰে।

অনুষ্ঠানত উপস্থিত থাকি কৃষ্ণগুৰু বিশ্ববিদ্যালয় ন’ সত্ৰৰ গৱেষণা সঞ্চালক তথা বুৰঞ্জীবিদ মাধুৰ্য্য মণ্ডিত বৰুৱা, অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সচিব পংকজ শইকীয়া আদিয়ে অসমৰ সত্ৰীয়া সংস্কৃতিৰ ওপৰত তত্বগধূৰ বক্তব্য আগবঢ়াই। মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা অনুষ্ঠানত উপস্থিত থকা মাধুৰ্য্য মণ্ডিত বৰুৱাৰ লগতে কেইবা গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা পত্ৰ, একোটাকৈ স্মাৰক আৰু চেলেং উপহাৰ হিচাপে আগবঢ়াই সম্বৰ্ধনা জনোৱা হয়। মুকলি সভাখনৰ অন্তত ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা খোল বাদন, বালক কৃষ্ণ নৃত্য, লৱণ চুৰি নৃত্য, ঝুমুৰা, ভোজন বেহাৰ নৃত্য পৰিৱেশন কৰাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত নাট “কেলি গোপাল” প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰাৰ বিশেষ ভূমিকা পালন কৰে উদযাপন সমিতিৰ সভাপতি মাধুৰ্য্য গগৈ, উপদেষ্টা ৰাতুল ভৰালী আদিয়ে।

Leave A Reply

Your email address will not be published.