Breaking

মালিগাঁও নামবাৰীত ৰেলৱেৰ এছ চি আৰু এছ টি এম্পলয়িজ এচোছিয়েশ্যনৰ উদ্যোগত কামৰূপ জিলা ভিত্তিত সাতোৰ প্ৰতিযোগিতা সম্পন্ন

0 16

গ্ৰীষ্ম বন্ধৰ লগত সংগতি ৰাখি নিখিল ভাৰত এছ চি আৰু এছ টি ৰেলৱে এচোছিয়েশ্যৰ এন এফ ৰেলৱে মণ্ডলৰ উদ্যোগত দেওবাৰে ৰেল নগৰী মালিগাঁৱৰ নামবাৰীস্থিত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ ক্ৰীড়া সংস্থাৰ চুইমিং পুলত কামৰূপ জিলা ভিত্তিত সাতোৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।৬ টা গ্ৰুপত চাৰিটা ভিন্ন শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৩ ৰ পৰা ১৮ বছৰ বয়সৰ ১৬০ জন ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয়।পুৱা প্ৰতিযোগিতাখন উদ্ধোধন কৰে গুৱাহাটী পৌৰ নিগমৰ ৯ ৱাৰ্ডৰ পাৰিষদ অৰ্চনা দাসে। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত এচোছি়েয়েশ্যনৰ উত্তৰ পূব মণ্ডলৰ সভাপতি ৰিংকুমণি বৈশ্য, সাধাৰণ সম্পাদক তাৰিণী চৰণ দাস, এচোছিয়েশ্যনৰ মহিলা শাখাৰ উপ সভানেত্ৰী সীমা খান, কৰ্মকৰ্তা ভাৰতী মাৰাককে ধৰি কেবাজনো বিষয়ববীয়া উপস্থিত থাকে।আনহাতে দিনৰ ১০ বজাৰ পৰা বিয়লি প্ৰায় ৫ বজালৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত সামগ্ৰিকভাৱে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি নিধি দাস সোঁৱৰণী বেষ্ট স্কুল ট্ৰফী লাভ কৰে গুৱাহাটীৰ ডি পি এছ স্কুলে আৰু ৰানাৰছ আপৰ সন্মান লাভ কৰি পিংকু বড়ো সোঁৱৰণী ট্ৰফী লাভ কৰে শিলপুখুৰীৰ মহৰ্ষি স্কুলে।

আনহাতে প্ৰতিযোগিতা পৰিচালনা কৰে ক্ৰমে – ৰঞ্জন খান, অভিষেক চৌধুৰী, উমা কান্ত সিং, অংকন দাস, শচীন দাস, বি কৃষ্ণা, পৱিত্ৰ দাসকে ধৰি সাতোৰ খেলৰ লগত জড়িত মুঠ ১৫ জন ক্ৰীড়াবিদে। প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত সামৰণি অনুষ্ঠানত প্ৰতিযোগিতাৰ বিজয়ী সকলক মানপত্ৰ আৰু বঁটা সমুহ বিতৰণ কৰা হয়। উল্লেখ্য যে ইয়াৰ পূৰ্বে গ্ৰীষ্ম বন্ধৰ লগত সংগতি ৰাখি শিশু ছাত্ৰ – ছাত্ৰী সকলৰ মাজত থকা সুপ্ত প্ৰতিভা সমুহ বিকশিত কৰাৰ লক্ষ্যৰে এচোছি়েয়েশ্যনৰ মহিলা শাখাৰ উদ্যোগত ১১ জুলাইৰ পৰা ১৩ জুলাইলৈ মালিগাঁৱ গোশালাৰ ছিনিয়ৰ ৰেলৱে ইনষ্টিটিউটত শিশু ছাত্ৰ – ছাত্ৰীৰ মাজত থকা সুপ্ত প্ৰতিভা সমুহ বিকশিত কৰাৰ লক্ষ্যৰে গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল।

Leave A Reply

Your email address will not be published.