Breaking

বাঘ ঐ বাঘ…

0 23

বাঘ ভাৰতৰ জাতীয় পশু। ভাৰতৰ উপৰি বাংলাদেশ, দক্ষিণ কোৰিয়া, ভিয়েটনাম আৰু মালয়েচিয়াৰ জাতীয় পশু হিচাপে বাঘক স্বীকৃতি দিয়া হৈছে। সিংহক ভাৰতৰ জাতীয় পশু হিচাপে স্বীকৃতি দিয়া হৈছিল যদিও ১৯৭২ চনত বাঘক ভাৰতৰ জাতীয় পশু হিচাপে স্বীকৃতি দিয়া হয়। বাঘ শব্দটো বাংলা ভাষাৰ ব্যাঘ্ৰ শব্দৰ পৰা আহিছে, যি বিশাল চিকাৰী জীৱক বুজায়।

    বাঘ মেকুৰী জাতীয় প্ৰাণী। বিশাল মেকুৰী প্ৰজাতিৰ ভিতৰত বাঘ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী প্ৰাণী। মেকুৰী সদৃশ জীৱ-জন্তুৱে পানী ভাল নাপায় যদিও বাঘ এই দিশত  কিছু পৃথক। প্ৰায়ে চিকাৰ ধৰিবলৈ পানীত ডুব মৰাও দেখা যায়। বাঘে নদীৰ এফালৰ পৰা সিফাললৈ সাঁতুৰি যায়। বাঘে পানীত প্ৰৱেশ কৰি শৰীৰ ঠাণ্ডা কৰে। মাংস আৰু পানীৰ বাহিৰে বাঘে আন একো নাখায়। ইহঁতৰ প্ৰধান খাদ্যসমূহ হ’ল- হৰিণ, ম’হ আৰু বনৰীয়া গাহৰি। খাদ্যৰ অভাৱত ইহঁত হিংস্ৰ হৈ পৰিব পাৰে। কেতিয়াবা ইহঁতে নিজকে আক্ৰমণ কৰে। এটা প্ৰাপ্তবয়স্ক বাঘৰ ওজন প্ৰায় ৩৬৩ কিলোগ্ৰাম পৰ্যন্ত হ’ব পাৰে।

       বাঘে অকলশৰে চিকাৰ কৰিবলৈ পছন্দ কৰে। সাধাৰণতে ৰাতি বেছিকৈ চিকাৰ কৰে। বাঘে দূৰৈৰ পৰা চিকাৰ দেখিলে লাহে লাহে চুপচাপকৈ গৈ চিকাৰক নিজৰ নিয়ন্ত্ৰণলৈ অনাৰ পিছত চিকাৰৰ ডিঙিত জপিয়াই পৰে। মূৰৰ পিছফালৰ অংশ, ডিঙি বা ডিঙিৰ ওচৰত কামুৰি চিকাৰটোক হত্যা কৰে।

    বাঘৰ বৈজ্ঞানিক নাম পেন্থেৰা টাইগ্ৰিছ। পেন্থেৰা গণৰ চাৰিটা প্ৰজাতি আছে। সিংহ, বাঘ, নাহৰফুটুকী আৰু চিতাবাঘ। মানুহৰ গড় দৌৰৰ গতিবেগ প্ৰতি ঘণ্টাত ৮ৰ পৰা ১৫ কিলোমিটাৰ হোৱাৰ বিপৰীতে ই ঘণ্টাত ৬৫ কিলোমিটাৰ বেগেৰে দৌৰিব পাৰে।

        বাঘৰ মুঠ পাঁচটা উপপ্ৰজাতি আছে। সেইবোৰ হ’ল বেংগল টাইগাৰ, চাউথ চাইনা টাইগাৰ, ইণ্ডো-চাইনিজ টাইগাৰ, সুমাত্ৰান টাইগাৰ আৰু আমুৰ টাইগাৰ। পিছৰটোক অৱশ্যে চাইবেৰিয়ান বাঘ বুলিও কোৱা হয়। দুৰ্ভাগ্যজনকভাৱে  কাস্পিয়ান, বালি আৰু জাভান টাইগাৰ নামৰ তিনিটা উপপ্ৰজাতি বিলুপ্ত হৈছে।

        বাঘৰ ছালত বগা, ক’লা আৰু হালধীয়া ৰঙৰ ৰেখা দেখা পোৱা যায়। এই ডাঠ দাগবোৰৰ বাবে বাঘ অৰণ্যত সহজে লুকাই থাকিব পৰাৰ লগতে চিকাৰ ধৰিবলৈ সুবিধা পায়। প্ৰতিটো বাঘতে এনে ৰেখা দেখা পোৱা যায় যদিও প্ৰত্যেক বাঘত দেখা পোৱা এনেধৰণৰ আৰ্হি পৃথক হয়। এই ৰেখাবোৰ আমাৰ হাতৰ ছাপ বা ফিংগাৰপ্ৰিণ্টৰ দৰে।

       বাঘৰ নৱজাত পোৱালিবোৰ জন্মতে অন্ধ হৈ পৰে আৰু মাত্ৰ কেইটামান পোৱালিহে জীয়াই থাকে। জন্ম হৈয়ে পোৱালিবোৰে মাকৰ গোন্ধটোহে অনুসৰণ কৰে। অন্ধ হৈ জন্ম হোৱা বাবে ইহঁতে খোজ কাঢ়িব নোৱাৰে, ফলত বেছিভাগেই ভোক বা ঠাণ্ডাত মৃত্যুবৰণ কৰে।

বাঘৰ আয়ুসকাল ২০-২৫ বছৰৰ ভিতৰত।  বেছিভাগ বাঘ ২০ বছৰ বয়সৰ আগতেই মৃত্যুবৰণ কৰে। এতিয়ালৈকে জীৱিত আটাইতকৈ বয়সীয়াল বাঘটো হ’ল ফ্ল’ৰিডাৰ ২৫ বছৰীয়া ‘ফ্লেভেল’।

    এছিয়া আৰু আফ্ৰিকাত বাঘৰ সংখ্যা সৰ্বাধিক। কিন্তু চোৰাং চিকাৰ আৰু বাসস্থান হেৰুৱাৰ বাবে ৯৫ শতাংশতকৈ অধিক বাঘে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে, বাকী ৫ শতাংশ বাঘ অতিশয় বিপন্ন হৈ পৰিছে। খাদ্য শৃংখলত আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰাত বাঘে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বাঘ সুৰক্ষাৰ বাবে বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ অধীনত বাঘৰ জটিল বাসস্থান (Critical Tiger Habitat) বা ব্যাঘ্ৰ সংৰক্ষণ অঞ্চল গঢ়ি তোলা হৈছে। বিশেষজ্ঞ সমিতিৰ সৈতে আলোচনা কৰি ৰাজ্য চৰকাৰে বাঘৰ জটিল বাসস্থান (Critical Tiger Habitat) ঘোষণা কৰিব পাৰে। ভাৰতবৰ্ষৰ এনে অঞ্চলসমূহৰ ভিতৰত উত্তৰাখণ্ডৰ কৰবেট ( ৮২১.৯৯ বৰ্গ কিলোমিটাৰ), ৰাজস্থানৰ ৰন্থাম্বোৰ (১১১৩.৩৬ বৰ্গ কিলোমিটাৰ), পশ্চিমবংগৰ সুন্দৰবন (১৬৯৯.৬২ বৰ্গ কিলোমিটাৰ) আৰু অন্ধ্ৰ প্ৰদেশ অংশৰ নাগাৰ্জুনসাগৰ শ্ৰীশৈলাম (২৫৯৫.৭২ বৰ্গ কিলোমিটাৰ) অন্যতম।

        ৱাইল্ডলাইফ ইনষ্টিটিউচন অব্ ইণ্ডিয়া আৰু নেশ্যনেল টাইগাৰ কনজাৰভেশ্বন কৰ্তৃপক্ষই প্ৰস্তুত কৰা ভাৰতৰ বাঘ সংৰক্ষিত বনাঞ্চলৰ ব্যৱস্থাপনা ফলপ্ৰসূতা মূল্যায়ন (Management Effectiveness Evaluation), ২০২২ৰ প্ৰতিবেদন অনুসৰি কেৰালাৰ পেৰিয়াৰ টাইগাৰ ৰিজাৰ্ভে প্ৰায় ৯৪% এম ই ই স্ক’ৰেৰে সৰ্বোত্তম প্ৰদৰ্শনকাৰী অঞ্চল হিচাপে থিয় দিছে। ইয়াৰ পিছতে আছে মধ্যপ্ৰদেশৰ সাতপুৰা আৰু কৰ্ণাটকৰ বাণ্ডীপুৰ। মেনগ্ৰোভ থকা বিশ্বৰ একমাত্ৰ বাঘৰ অৰণ্য পশ্চিম বংগৰ সুন্দৰবনে ‘অতি ভাল’ শাখাত থাকি ৩২ সংখ্যক স্থান লাভ কৰিছিল। মিজোৰামৰ ডম্পাক মাত্ৰ ৫০% বাঘৰ সংৰক্ষিত বনাঞ্চল হিচাপে চিনাক্ত কৰা হৈছে। তাৰ পিছতে আছে চত্তিশগড়ৰ ইন্দ্ৰাৱতী আৰু অসমৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান।

   এই প্ৰাণীবোৰ বিলুপ্ত হোৱাৰ আগতেই ৰক্ষা কৰাটো অতি জৰুৰী। পৰিৱেশৰ বাবে বাঘৰ গুৰুত্ব, শৰীৰৰ অংগ চোৰাং চিকাৰৰ পৰা ই সন্মুখীন হোৱা ভাবুকি, এই বিলুপ্তপ্ৰায় প্ৰজাতিটোক সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় তাৎক্ষণিক ব্যৱস্থা আদিৰ প্ৰতি জনসজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰৰ ২৯ জুলাই তাৰিখটো আন্তৰ্জাতিক বাঘ দিৱস হিচাপে পালন কৰি অহা হৈছে।

       ২০১০ চনত ৰাছিয়াত অনুষ্ঠিত হোৱা চেণ্ট পিটাৰ্ছবাৰ্গ বাঘ সন্মিলনৰ সময়ত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱসৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।

লেখকঃ মানস প্ৰতিম দত্ত

Leave A Reply

Your email address will not be published.