Breaking

তেজপুৰত তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ৪৭ সংখ্যক দবা প্ৰতিযোগিতা…

0 32

সদৌ অসম দবা সন্থাৰ উদ্যোগত শোনিতপুৰ জিলা দবা সন্থাৰ সহযোগত, শোনিতপুৰ দবা একাদেমীৰ ব্যৱস্থাপনাত তেজপুৰৰ দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত ৪৭ সংখ্যক সদৌ অসম আন্তঃ জিলা দবা প্ৰতিযোগিতা দেওবাৰৰ পৰা তিনি দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে।তিনিটা শাখাত বিভক্ত কৰা প্ৰতিযোগিতা ক্ৰমে ৭বছৰ, ১১বছৰ আৰু ১৫ বছৰৰ অনুদ্ধৰ লৰা-ছোৱালীৰ মাজত আনুষ্ঠিত কৰা হৈছে।উদ্যোক্তাসকলে জানিবলৈ দিছে যে, এইবাৰৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা অহা অভিলেখ সংখ্যক ৪২২ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছে আৰু অনিচ্ছা স্বত্বেও বহুতক যোগদানৰ পৰা বিৰত ৰাখিব লগীয়া হোৱাত মাৰ্জনা বিচাৰিছে। প্ৰতিযোগিতাৰ আৰম্ভণিতে অনুষ্ঠিত উদ্বোধনি সভাত পৌৰোহিত্য কৰে শোনিতপুৰ জিলা দবা সন্থাৰ সভাপতি গিৰিশ বৰাই। দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশমনি শইকীয়াই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি দবা খেলে খেলুৱৈ সকলৰ মস্তিস্কৰ বিকাসত সহায় কৰাৰ ওপৰত আলোকপাত কৰি খেলুৱৈ সকলক উৎসাহ আৰু প্ৰেৰণা যোগাই বক্তব্য ৰাখে।

বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে সদৌ অসম দবা সন্থাৰ যুটীয়া সম্পাদক তথা নিউজ লাইভ’ৰ লক্ষীমপুৰৰ সাংবাদিক জিতু মনি পেওগ, সদৌ অসম দবা সন্থাৰ জনেল সম্পাদক প্ৰদীপ ডেকা আৰু বিশিষ্ট ব্যৱসায়ী কৃষ্ণভ শইকীয়াই। জ্যোৰ্তিময় বৰাই আত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে সৃষ্টিমূলক এটি নৃত্যানুষ্ঠানেৰে শুভাৰম্ভ কৰা হয়। প্ৰতিযোগিতাৰ প্ৰতিটো শাখাত নিৰ্বাচিত চাৰিগৰাকী খেলুৱৈয়ে সৰ্বভাৰতীয় পয্যায়ত অসমক প্ৰতিনিধিত্ব কৰিব বুলি উদ্যোক্তা সকলে জনাইছে।

Leave A Reply

Your email address will not be published.