Breaking

সুৰজিৎ একাডেমীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত “পদ্মনাভ”ৰ সফল মঞ্চায়ন…

0 42

সুৰজিৎ একাডেমীয়ে যোৱা ২৮ জুলাই তাৰিখে সন্ধিয়া ৫:৩০ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড.বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী শিশুকালৰ আধাৰত ৰচিত “পদ্মনাভ” নাটখন পৰিবেশিত হয়। নাট খনৰ ৰচনা আৰু পৰিচালনা শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ছিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ।নাট খনৰ সহকাৰী নিৰ্দেশক ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱী আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ স্কলাৰশ্বিপ প্ৰাপ্ত ধ্ৰুৱ জ্যোতি কলিতাৰ।

নাট কাৰ্যক্ৰমত মুখ্য অতিথি তথা উদ্ধোধন কৰে অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ সঞ্চালক ড. জয়দ্বীপ বৰুৱা আৰু বিশিষ্ট অতিথি হিচাপে থাকে অম্বিকাগিৰী ৰায়চৌধুৰীৰ সুযোগ্য পুত্ৰী তথা কণ্ঠশিল্পী যুগব্ৰতা দত্ত, সংগীত নাটক অকাডেমিৰ বঁটা প্ৰাপ্ত মইনুল হক আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম লিমিটেডৰ উপ অধীক্ষক ডাঃ আলেখ্য বৰুৱা। “পদ্মনাভ” নাটখন অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ শৈশৱৰ আধাৰত ৰচিত। এই নাটখনত অম্বিকাগিৰি ৰায়চৌধুৰীৰ স্বাধীনচেতীয়া মন, দেশপ্ৰেম স্পষ্ট ৰূপত দেখাইছে। লগতে তেখেতৰ বিশ্বাসক প্ৰদৰ্শন কৰিছে যে বিভিন্ন জাতি, ধৰ্ম, ভাষাৰ লোক যিয়েই নহওক, কোনো ব্যক্তিৰ বিৰুদ্ধে কোনো বৈষম্য নাথাকিব। দুষ্ট মানুহক সৎ পথৰ দিশে অনাৰ ধাৰাবাহিকতাত তেওঁ অটল দৃঢ়তাৰে সন্মুখীন হোৱাত অক্লান্তভাৱে কাম কৰি নিজৰ জীৱনটো উৎসৰ্গা কৰিছিল। আনকি সেইসকলৰ বিৰুদ্ধেও যুঁজিছিল যাতে তেওঁলোকে নিজৰ ভুলৰ বিষয়ে অৱগত কৰিব পাৰে।


তেওঁ নিজৰ সম্প্ৰদায়, মাটি আৰু ঐতিহ্য ৰক্ষাৰ বাবে সকলো প্ৰচেষ্টা চলাইছিল।বিদেশী সামগ্ৰী বৰ্জনৰ বাবে জনসাধাৰণক সতৰ্ক কৰি সজাগ কৰাৰ লগতে সমান্তৰালকৈ তেওঁ ব্ৰিটিছ শাসন আৰু শোষণত বিৰক্ত হোৱা জনসাধাৰণকো একত্ৰিত কৰি জগাই তুলিছিল। তেওঁৰ মতাদৰ্শ আৰু সঠিক আৰু অনুচিতৰ প্ৰতি কোনো ভয় নোহোৱাকৈ ভাল কাম কৰিবলৈ তেওঁৰ আধ্যাত্মিক জাগৰণৰ অনুঘটক হিচাপে কাম কৰে। তেওঁৰ আচৰণ আৰু তেওঁৰ চিন্তাধাৰাৰ নৈতিক জ্ঞান অন্বেষণ কৰা হয় যিয়ে আজিৰ প্ৰজন্ম আৰু সমাজক অনুপ্ৰাণিত কৰে আৰু তেওঁৰ যি বৈশিষ্ট্য বা শিক্ষাও অনুসৰণ কৰি মানৱৰ বাবে কাম কৰি যাব পাৰে। জীৱনত কাম কৰি প্ৰকৃত জ্ঞানক উৎফুলিত কৰা আৰু তাৰ লগত খাপ খুৱাই জীয়াই থকাৰ নিজৰ পথ আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত কৰে। অম্বিকাই শৈশৱতে পিতৃ বিয়োগত ঘৰ খনৰ দায়িত্ব মুৰ পাতি লব লগা হৈছিল যদিও দেশৰ কাৰণে, অসমী আইৰ কাৰণে জনগণক একগোট কৰি স্বাধীনতা আন্দোলনত জপিয়াই পৰিবলৈ জাগ্ৰত কৰিছিল।

তেখতৰ কলম যেন এখন তৰোৱাল সদৃশ আছিল। তেখতৰ প্ৰতিটো লিখনি, সংগীত মানুহক হৃদয়ঙ্গম কৰি জাগ্ৰত কৰিছিল দেশ মাতৃৰ বাবে। তেনে এটি সুন্দৰ কাহিনী নাট খনত পৰিৱেশন কৰিছে। নাটৰ মূল চৰিত্ৰ অম্বিকা চৰিত্ৰত অভিনয় কৰা কৃষ্টি ৰাজবংশীৰ অভিনয় সুন্দৰ হৈছে। নাটত থকা সংগ্ৰামী সংলাপ স্পষ্ট প্ৰক্ষেপনে দৰ্শকৰ মন মোহিত কৰিছিল। শিশু হৈও নাটত থকা জটিল শব্দ গাঠনি উচ্চ স্বৰে প্ৰক্ষেপ কৰিছিল। কোনো ধৰণৰ ত্ৰুটি মূলক শব্দ উচ্চাৰণ কৰা নাছিল। নাটৰ নৱ ৰসৰ প্ৰতিটো ৰস সুন্দৰ ভাবে উপস্থাপন কৰিছে। অম্বিকাৰ মাকৰ চৰিত্ৰ দৈৱকীত অভিনয় কৰা তৃষ্ণা কলিতা ৰাজবংশীৰ অভিনয় সুন্দৰ হৈছে। নাটৰ কাহিনীৰ মূল ভাৱ অনুসৰি চৰিত্ৰটোৱে সুন্দৰকৈ উপস্থাপন কৰিছে। কোনো ধৰনৰ জড়তা পোৱা নগৈছিল। গীৰিশ চৰিত্ৰত অভিনয় কৰা হাৰ্দিক শৰ্মাৰ অভিনয়ে দৰ্শকক মোহিত কৰিছে। প্ৰতিটো দৃশ্যই সুন্দৰ ভাৱে উপস্থাপন কৰিছে। নিজৰ ভাতৃৰ প্রতি থকা প্ৰেমৰ যি দৃশ্য অতুলনীয়। গীৰিশৰ অভিনয় কৰা প্ৰতিটো দৃশ্য দৰ্শকৰ হৃদয় স্পৰ্শ কৰিব পাৰিছে। কৃষ্ণৰামৰ চৰিত্ৰত অভিনয় কৰা ৰাজনাভ শৰ্মাৰ অভিনয় যথাযথ। ব্যক্তিত্ব সম্পন্ন ব্যক্তিৰ চৰিত্ৰ সুন্দৰ ভাবে উপস্থাপন কৰিছে। নাট খনত তিনিটা বিশেষ চৰিত্ৰত অভিনয় কৰা ৰাকিবুল হুছেইনৰ অভিনয় সুন্দৰ হৈছে। তিনিটা ভিন্ন চৰিত্ৰত অভিনয় বিশেষ ভাবে সক্ষম শিশু, বুঢ়া আৰু উদণ্ড মাটি দখলকাৰী চৰিত্ৰ।

এই প্ৰতিটো চৰিত্ৰ নাটৰ পাণ্ডুলিপি অনুসৰি ভিন্ন ধৰণে অভিনয় কৰি দৰ্শকক আমোদ দিব পাৰিছে। ধনীৰাম আৰু ভদ্ৰেশ্বৰৰ চৰিত্ৰত অভিনয় কৰা প্ৰণৱ জ্যোতি ৰাভাৰ অভিনয়ে দৰ্শকক আপ্লুত কৰিছে। অন্যান্য চৰিত্ৰত অভিনয় কৰা শিল্পী সকলৰ অভিনয় যথাযথ। নাটত সংগীত পৰিচালনা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ সংগীত শাখাৰ সহকাৰী অধ্যাপক গৌতম শইকীয়া, নৃত্য পৰিচলনা আৰু কলা নিৰ্দেশনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ স্কলাৰশ্বিপ প্ৰাপ্ত প্ৰণৱ জ্যোতি ৰাভা আৰু একচন ডাইৰেক্টৰ ৰাকিবুল আহমেদ। নাট খনত অভিনয় কৰিছে কৃষ্টি ৰাজবংশী, ৰাজনাভ শৰ্মা, তৃষ্ণা ৰাজবংশী, হাৰ্দিক শৰ্মা, লনী কাকতি, পলক কৈৰী, ধ্ৰুৱ জ্যোতি কলিতা, প্ৰণৱ জ্যোতি ৰাভা, ৰাকিবুল আহমেদ, দেৱ প্ৰতীম গোস্বামী, ধীমান শৰ্মা, অংকুৰ দাস, অংগৰাগ মহন্ত, কৌষ্টভ চৌধুৰী আৰু আৰিয়া জিব্ৰান। সংগীতে নাট খনৰ কাহিনী অনুসৰি চৰিত্ৰ সমূহক অভিনয় কৰাত সহযোগিতা উল্লেখনীয়। সম্পূৰ্ণ লোক বাদ্যৰে নাট খন মনোগ্ৰহী কৰিছে। ৰূপসজ্জা, সাজসজ্জা, পোহৰ উপস্থাপন সুন্দৰ হৈছে। “পদ্মনাভ” নাটত অসমৰ নাট সমূহত দেখা নোপোৱা এটি কৌশল নাটকখনত দেখুওৱা হৈছে। ফলত পৰিচালকে নাট খনত এটি বিশেষ ধাৰা বজাই ৰাখিব পাৰিছে। প্ৰতিটো দৃশ্যত মঞ্চসজ্জাত ছাঁ পুতলাৰ জৰিয়তে উপস্থাপন কৰিছে। অম্বিকা ৰায়চৌধুৰীৰ ঘৰ, কীৰ্ত্তন ঘৰ, পাঠশালা, বাগিছা, ৰাতিপুৱাৰ পৰিবেশ আদি মঞ্চত ছাঁ পুতলাৰ জৰিয়তে নাটৰ দৃশ্য সমূহত দেখুৱাইছে । এনেধৰণৰ মঞ্চ সজ্জাৰ কৌশল অসমীয়া নাট্যত প্ৰথম।

এইক্ষেত্ৰত পৰিচালক সীমান্ত শৰ্মাৰ কৃতিত্ব দাবী কৰিব পাৰি। নাট খনৰ প্ৰতিটো শব্দ উচ্চ মানদণ্ডৰ। অসমীয়া সাহিত্যৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ অলাগতীয়াল শব্দ ব্যবহাৰ কৰা নাছিল নাট খনত। প্ৰতিটো নাটৰ শব্দই দৰ্শকৰ মনত সাঁচ বহুৱাই দিছিল। এনে ধৰনৰ নাটে শিশু, যুৱক – যুৱতী, অসমীয়া জনগণক অসমীয়া সংস্কৃতিৰ ধাৰাৰ এক বৃহৎ আদৰ্শ শিকাই তোলে। এই নাট সমূহ অসমীয়া নাট্য জগতৰ সম্পদ হিচাপে জিলিকি থাকিব। নাট্যকাৰ পৰিচালক সীমান্ত শৰ্মা প্ৰশংসাৰ যোগ্য। এনে নাট নাট্যকাৰ পৰিচালক সীমান্ত শৰ্মাৰ পৰা ভৱিষ্যতেও আশা কৰিলো লগতে সুৰজিৎ একাডেমীৰ এই নাট্য যাত্ৰা অব্যহত থাকক।
উক্ত নাট কাৰ্য্যক্ৰমৰ লগতে সুৰজিৎ একাডেমীয়ে বিনীতা দেৱীৰ পৰিচালনাত পুতলা নাট “লবংগ লতিকা”, ড. কুলদ্বিপ পাটগিৰী পৰিচালনাত মূকাভিনয়, হলিৰাম বৰা বৰবায়নৰ পৰিচালনাত সত্ৰীয়া নৃত্য আৰু প্ৰণৱ জ্যোতি ৰাভাৰ পৰিচালনাত আধুনিক নৃত্য পৰিৱেশিত হয়। নাট কাৰ্য্যক্ৰম আঁতধৰে অভিনেতা নিহাৰেন্দ্র শৰ্মাই।

Leave A Reply

Your email address will not be published.