প্ৰকৃতিৰ মনোৰম দৃশ্যৰ প্ৰতি থকা আমাৰ দুৰ্বাৰ আকৰ্ষণৰ বাবে গৈ সুখ পাওঁ মেঘালয়ৰ শ্বিলং, চোহৰা, চেৰাপুঞ্জী, ডাউকী, মাউলিংনং ইত্যাদি ঠাইসমূহত। কিন্তু যাত্ৰা পথত খাচীসকলৰ নিকৃষ্টতাৰ চিকাৰ হৈ পাইছে নে নতুবা তেনে চিকাৰ হোৱা লোকৰ আলৈ-আথানিৰ কাহানি শুনিছে নে? যদি শুনা নাই তেন্তে এই বিষয়েও ভু ৰখাটো উচিত।
নৈশ ভ্ৰমণ কৰা সকলৰ ভয় লগা অভিজ্ঞতা আছে। খাচীসকলে প্ৰতিবাদৰ নামত দিনত বন্ধ নিদিয়ে। দিনটো তেওঁলোকৰ দৈনন্দিন কাম কাজ কৰাৰ পিছত সন্ধিয়া ৮-০০ মান বজাৰ পৰা ৰাতিপুৱা ৫-০০ বজালৈ বন্ধ ঘোষণা কৰে আৰু অসমৰ সংগঠনৰ দৰে সংবাদ মাধ্যমৰ জৰিয়তে এনে বন্ধৰ ঘোষণাও নকৰে। কাৰণ তেওঁলোক পাহাৰীয়া জনজীৱন সন্ধিয়াতেই স্তব্ধ হৈ যায়। সোনকালে শোৱে আৰু সোনকালে উঠে। আনহাতে নৈশ যাত্ৰা কৰা বাহন চালক বা অনিয়মিত যাত্ৰা কৰা বাহনসমূহ এই খবৰৰ ভু নোপোৱাকৈ নিজৰ গন্তব্যৰ ফালে একচিত্তে গমন কৰে আৰু বন্ধ ঘোষণা কৰা খাচীৰ কিছুমান সদস্যই ইয়াৰ সুযোগ লৈ পাহাৰৰ ওপৰৰ পৰা বাহনৰ ওপৰত শিল ফৰ্মুটিয়াই আক্ৰমণ কৰা অনেক উদাহৰণ আছে। এনে আক্ৰমণত বহু যাত্ৰী বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা বহুতো উদাহৰণ আছে। বাহনসমূহৰো গুৰুতৰ ক্ষতি হয় তথাপিও তেওঁলোকৰ মন মগজুত কোনো ধৰণৰ অনুকম্পা নাই।
নংপো পাৰ হোৱাৰ পিছতেই ঘাইপথৰ কেকুৰীৰ (Turning) সংখ্যা বৃদ্ধি পায়। আপুনি যদি অভিজ্ঞ তেতিয়া সেই কেঁকুৰীসমূহ পাৰ হওঁতে সাৱধানে গাড়ী চলাই পাৰ হৈ যাব পাৰিব আৰু যদি অনভিজ্ঞ তেতিয়া তেনে কেকুঁৰীত আপুনি যাত্ৰা কৰা বাহনখন দুৰ্ঘটনাত পতিত হ’ব পাৰে। হঠাৎ আপোনাৰ গাড়ীখন পিছল খাই ৰাস্তাৰ কাষৰ নৰ্দমাত পৰিব পাৰে। অৱশ্যে লগে লগে স্থানীয় লোক আপোনাৰ ওচৰলৈ দৌৰি আহিব আৰু ৰিক’ভাৰী ভান নতুবা সৰু ক্ৰেনৰ সহায়ত আপোনাৰ গাড়ীখন তিনি / চাৰি হেজাৰ টকাত নলাৰ পৰা উঠাই দিয়ে। এয়া জানি ছাগৈ আপোনালোকৰ মনটো ভাল লাগি গৈছে। পিছে বাস্তৱত এয়া ওলোটাহে। আপোনাৰ গাড়ীখনক দুৰ্ঘটনাত পতিত কৰোৱা হয়। কিছুমান নিৰ্দিষ্ট কেকুঁৰীত পুৰণা মোবিল তেল পেলাই থয়। আপোনাৰ গাড়ীয়ে যেতিয়া ফ্ৰী ৰাস্তা দেখি নিয়মীয়া গতিত গৈ থাকি কেকুঁৰীটো ঘূৰাৰ সময়ত নলাৰ কাষেৰে পাৰ হয় আৰু ঠিক তেতিয়াই আপোনাৰ গাড়ী গৈ নলাত পৰিব। প্ৰথম অৱস্থাত আপুনি কিছু সময় যুঁজিব যদিও গাড়ীখন উলিয়াই আনিবলৈ অক্ষম হ’ব আৰু লাহে লাহে আপুনি লক্ষ্য কৰিব যে দুজন বা তিনিজন মানুহে আপোনাত ওচৰলৈ আহি আপোনাক কাহিনী শুনাব।
ইয়াৰ আগতে হোৱা একে ধৰণৰ দুৰ্ঘটনাৰ কাহিনী। কেনেকৈ তেওঁলোকে সহায় কৰি বিপদৰ পৰা উদ্ধাৰ কৰে ইত্যাদি ইত্যাদি। মূল কথা হ’ল সহায় কৰিবলৈ ওচৰলৈ অহা সেই যুৱককেইজন খাচী আৰু তেওঁলোকৰ ৰিকোভাৰী ভান নতুবা সৰু সৰু ক্ৰেন আছে আৰু তেওঁলোকৰ ক্ৰেনৰ ব্যৱসায় চলাই থাকিবলৈ পথত তেল পেলাই দুৰ্ঘ সংঘটিত কৰোৱা হয়। মুঠৰ ওপৰত মেঘালয়লৈ যোৱা পৰ্য্যটকৰ প্ৰতি সামান্যতমো সন্মান প্ৰদান নকৰে খাচী সকলে। তেনে ক্ষেত্ৰত এনে এটা ধুৰন্ধৰ জাতিৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ পৰা নিজক বচাই ৰাখিবলৈকে মেঘালয় যোৱাতো বৰ্জন কৰাটোৱেই উচিত বুলি ভাৱোঁ।
লেখকঃ হিমাংশু পাঠক