Breaking

হালধা শতদল সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন সম্পন্ন…

0 19

কামৰূপ জিলা সাহিত্য সভাৰ অন্তৰ্গত হালধা শতদল সাহিত্য সভাৰ ত্ৰয়োদশ বিশেষ বাৰ্ষিক অধিৱেশন খনি যোৱা ২৮ জুলাই ২০২৪ খ্ৰীষ্টাব্দ তাৰিখে শংকৰদেৱ বিদ্যা মন্দিৰ, হালধা প্ৰাঙ্গণত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। ৰাতিপুৱা ৮ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে হালধা শতদল সাহিত্য সভাৰ সভাপতি খগেন্দ্ৰ নাথ দাসে। তাৰ পিছত স্মৃতি তৰ্পন কৰে ক্ৰমে হালধা শতদল সাহিত্য সভাৰ উপ সভাপতি মিনা ৰাম কুমাৰ, কামৰূপ জিলা সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক বিপিন চন্দ্ৰ ডেকা আৰু হালধা শতদল সাহিত্য সভাৰ সম্পাদক হিতৰাম ডেকাই। তাৰ পিছত ৯ বজাত বন্তি প্ৰজ্বলন কৰে ক্ৰমে পূৱ কামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক মহেন্দ্ৰ মোহন নাথ, অসম সাহিত্য সভাৰ আজীৱন সভ্য বিশ্বজিত ডেকা, অৱসৰী প্ৰধান শিক্ষক তবিব আলী, হালধা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক খৰ্গেশ্বৰ কলিতা, হালধা শতদল সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক ক্ৰমে ৰমেশ নাথ আৰু সুধীৰ ৰঞ্জন ডেকাই। ৰাতিপুৱা ১০ বজাত অনুষ্ঠিত প্ৰতিনিধি সভা উদ্বোধন কৰে অসম সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক সদস্য প্ৰভাত বণিয়াই। দিনৰ ১১ বজাত হালধা শতদল সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মনমিল কুমাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা খন উদ্বোধন কৰে কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি ভূধৰ ডেকাই। শ্ৰী ডেকাই উদ্বোধনী ভাষণত হালধা গাঁওৰ ইতিহাস সম্পৰ্কে বক্তব্য প্ৰদান কৰে।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কামৰূপৰত্ন ডঃ ভূৱনেশ্বৰ ডেকা , কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰজনী শালৈ আৰু দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়াই। অসম সাহিত্য সভাৰ ৰামধেনুৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বীৰেন্দ্ৰ কুমাৰ, অসম সাহিত্য সভাৰ যুৱ সংসদৰ সদস্য সুশীল চন্দ্ৰ ডেকা, ইচলামপুৰ হাইস্কুল, মালাৰাৰ প্ৰধান শিক্ষক ধীৰেণ চন্দ্ৰ নাথ, হালধা শতদল সাহিত্য সভাৰ উপদেষ্টা ক্ৰমে লংকেশ্বৰ ডেকা, জগন্নাথ শৰ্মা, প্ৰাক্তন সভাপতি দিনেশ্বৰ শৰ্মা, প্ৰাক্তন উপ সভাপতি তহিদ আলীয়ে। হালধা শতদল সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক হীৰেণ শৰ্মাই আঁত ধৰা মুকলি সভাত মদাৰতলা সাদৰী সাহিত্য সভাৰ সম্পাদক হেমন্ত কুমাৰ, জ্ঞানমালিনী সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নৃপেন ডেকাই উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.