Breaking

টীয়কৰ কাৱৈমাৰী চিনাতলিৰ জাঁজী নদীত সলিল সমাধি এজনৰ…

0 24

আজি দিনৰ এঘাৰ মান বজাত গা ধুবলৈ গৈ জাঁজী নদীত উটি গ’ল ৮০ উদ্ধৰ এগৰাকী ব্যক্তি। ব্যক্তিগৰাকীৰ নাম মহেশ কলিতা। মহেশ কলিতা আছিল অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। জানিব পৰা মতে নদীৰ পাৰত প্ৰায়ে গা ধুবলৈ যায় এই অঞ্চলৰ লোক। আজি মৃত ব্যক্তিগৰাকীও পূৰ্বৰ দৰে ঘৰুৱা সকলো কাম কাজ কৰি গা ধুবলৈ নদীৰ পাৰলৈ যাওঁতে নদীৰ পাৰৰ জিঅ’ বেগত পিচলি পৰি নদীৰ পানীত উটি যায়।

অৱশ্যে উটি যোৱা অৱস্থাত গাঁৱৰে আত্মীয়ই প্ৰত্যক্ষ কৰি পাৰলৈ টানি আনিবলৈ চেষ্টা কৰে যদিও বিফল হয় আৰু ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে। ঘটনা সংঘটিত হোৱাৰ পাছত টীয়ক আৰক্ষী, SDRF আৰু দণ্ডাধিক ঘটনাস্থলীত উপস্থিতি হৈ ঘটনাস্থলীত অনুসন্ধান চলাই মহেশ কলিতাৰ মৃতদেহ জাঁজী নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

Leave A Reply

Your email address will not be published.