Breaking

ব’ল বম যাত্ৰীৰ ওপৰত নিশা ১২ বাজি ৩০ মিনিটত আক্ৰমণ দুষ্ট চক্ৰৰ দলৰ…

0 31

শিঙৰী আৰক্ষীচকী এলেকাৰ ঘোঁৰামাৰা নতুন চেণ্টাৰত ব’ল বম যাত্ৰীৰ ওপৰত আজি নিশা ১২ বাজি ৩০ মিনিটত আক্ৰমণ এটা দুষ্ট চক্ৰৰ দলৰ৷ব’ল বম যাত্ৰীক আক্ৰমণ কৰা দুষ্ট চক্ৰক গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে বিয়লি ৪ বজাত শিঙৰী আৰক্ষীচকীত প্ৰতিবাদ সাব্যস্ত কৰিলে কেইবাটাও সংগঠনে৷ উল্লেখ্য যে দলগাওঁ আৰু বৰছলাৰ একাংশ যুৱক ব’ল যাত্ৰা কৰি শিঙৰীৰৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়লৈ আহি আছিল৷তেনেতে নিশা ১২ বাজি ৩০ মিনিটত

শিঙৰী আৰক্ষীচকী এলেকাৰ ঘোঁৰামাৰা নতুন চেণ্টাৰত প্ৰায় ১০/১২ জনীয়া এটা দুষ্ট চক্ৰৰ দলে ব’ল বম যাত্ৰী সকলৰ ওপৰত আক্ৰমণ চলাই পাঁচটা ম’বাইল ফোন,নগদ ২০০০ টকা,সোণৰ আঙঠি এটা কাঢ়ি নিয়াৰ লগতে ব’ল বম শ্ল’গান নিদিবলৈ কোৱাৰ উপৰিও প্ৰাণে মৰাৰ ভাবুকি দিয়ে৷ইয়াকেলৈ আজি শিঙৰী আৰক্ষীচকীত কেইবাটাও

সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সনাতনী বীৰ হিন্দু সেনা,অদৌ অসম ভোজপুৰী পৰিষদৰ লগতে কেইবাটাও সংগঠনৰ সদস্যয় অংশগ্ৰহণ কৰে৷আজি প্ৰতিবাদকাৰী সকলে ২৪ ঘণ্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়৷আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সনাতনী বীৰ হিন্দু সেনাৰ নেতা মণিকণ দাস,মিঠুন সেনৰ লগতে  ভোজপুৰী পৰিষদৰ শোণিতপুৰ জিলাৰ সভাপতি সন্তোষ চাহানী উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.