Breaking

সাহিত্য সভাৰ মঞ্চত পথ-সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী অনুষ্ঠান, মানৱ সম্পদ ৰক্ষাৰ্থে দুৰ্ঘটনা ৰোধ; পথ সুৰক্ষাৰ বিষয় সাহিত্যত উপস্থাপনৰ আহ্বান গৌতম দাসৰ…

0 22

পথ-দুৰ্ঘটনাই সম্প্ৰতি অসম, ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে ভয়ংকৰ ৰূপধাৰণ কৰিছে৷ প্ৰতিদিনে সংঘটিত পথ-দুৰ্ঘটনাত দেশৰ অনেক অমূল্য মানৱ সম্পদে নিমিষতে অকাল মৃত্যুক সাৱতি ল’বলগীয়া হৈছে৷ ফলত লাখ লাখ পৰিয়াল, সংসাৰ আৰু সমাজ ব্যৱস্থাত বেয়াকৈ ক্ষতিসাধন কৰিছে৷ সেয়ে এই ভয়ংকৰ ব্যাধিৰ পৰা মানৱ সম্পদ ৰক্ষাৰ্থে পথ-দুৰ্ঘটনা ৰোধ, যানবাহন চালনাৰ নীতি-নিৰ্দেশনা আদি বিষয়বোৰক নাটক,গল্প, উপন্যাস আদিত গুৰুত্বসহকাৰে উপস্থাপন কৰি সাহিত্যিক সকলে পথ-সুৰক্ষাৰ ক্ষেত্ৰত ব্যাপক সজাগতা সৃষ্টি কৰিব পাৰে। মহানগৰীৰ শ্ৰীনগৰ সাহিত্য সভাৰ ২৮জুলাইত অনুষ্ঠিত বাৰ্ষিক অধিবেশনৰ সাংস্কৃতিক সন্ধিয়া মুকলি কৰি এই গুৰুত্বপূৰ্ণ আৰু সময়োপযোগী বক্তব্য আগবঢ়াই অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে।

কাৰ্যসূচী অনুসৰি দেওবাৰে সন্ধিয়া সাহিত্য সভাৰ অধিবেশনত উপস্থিত হোৱাৰ লগেলগে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীক শ্ৰীনগৰ সাহিত্য সভাৰ সভাপতি নৱ কুমাৰ মজুমদাৰ, চিত্তৰঞ্জন শৰ্মা, সম্পাদক ববিতা বৈশ্য লহকৰ আদি লোকসকলে গায়ন-বায়নেৰে আদৰি নি সাহিত্য সভাৰ মঞ্চত ৰাজহুৱাকৈ সম্বৰ্ধনা জনায়। একেতা অনুষ্ঠানতে বিষয়াগৰাকীৰ জ্যেষ্ঠ ভগ্নী লক্ষীপ্ৰভা সেনাপতি আৰু পত্নী পংকজা দাসকো সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়। সাহিত্য সভাৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰি আগবঢ়োৱা ভাষণৰ আৰম্ভণিতে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে মহানগৰীৰ শ্ৰীনগৰ, তৰুণ নগৰ অঞ্চলত শৈশৱ-কৈশোৰ কটাই সেই অঞ্চলতে জীৱনৰ ভেটি নিৰ্মান কৰি আজিৰ অৱস্থা পোৱাৰ আঁৰৰ বিভিন্ন কথা ৰোমন্থন কৰি স্মৃতিকাতৰ হৈ পৰে। ইফালে আমাৰ সাহিত্য সাংস্কৃতিক ক্ষেত্ৰখনলৈ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, নিৰ্মলপ্ৰভা বৰদলৈ, ড° ভূপেন হাজৰিকা, হীৰেণ ভট্টাচাৰ্য আদি বৰেণ্য সাহিত্যিক সকলৰ অসমীয়া ভাষা সংস্কৃতিলৈ অতুলনীয় অবদানৰ কথা উল্লেখ কৰি নতুন প্ৰজন্মক তেওঁলোকৰ সাহিত্য গভীৰভাৱে অধ্যয়ন কৰি সাহিত্যক সমাজ সংস্কৃাৰৰ এক বলিষ্ঠ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানত সাহিত্য সাংস্কৃতিক দিশৰ বক্তব্য আগবঢ়োৱাৰ লগতে পৰিবহণৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে আমাৰ আই-মাতৃসকলে তেওঁলোকৰ সতি-সন্তান আৰু ঘৰৰ মূৰব্বীৰ জড়িয়তে পথ-সুৰক্ষা সজাগতা সৃষ্টিত ল’বপৰা বলিষ্ঠ ভুমিকাৰ কথা উল্লেখ কৰি সকলো সময়তে ৰাজপথত নিজৰ পৰিয়ালৰ সদস্যসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায়। একেতা অনুষ্ঠানতে মিনাংক ডেকাৰ পৰিচলালনাত পথ-সুৰক্ষা সজাগতাৰ নীতি নিৰ্দেশনাৰ আধাৰত বিশেষভাবে প্ৰস্তুত কৰা মুকাভিনয় পৰিবেশন কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। বিশিষ্ট অভিনেতা-শিল্পী দীনেশ দাসে কেইবাটাও উল্লেখযোগ্য গীত, সুপ্ৰিয়া গগৈয়ে বাঁহীত সুৰ আৰু শিশু শিল্পী জীয়ানা হাজৰিকাই কৃষ্ণ নৃত্য পৰিবেশন কৰি সাহিত্যানুৰাগী ৰাইজৰ সমাদৰ লাভ কৰে।

Leave A Reply

Your email address will not be published.