Breaking

গুৱাহাটী গোপীনাথ নগৰ গুৰুদ্বাৰত শিখ ধৰ্মৰ অষ্টম গুৰু হৰকিশন চাহিবজীৰ জন্মজয়ন্তী উদযাপন…

0 36

গুৱাহাটী গোপীনাথ নগৰ গুৰুদ্বাৰত আয়োজিত শিখ ধৰ্মৰ অষ্টম গুৰু গুৰু হৰকিশন চাহিবজীৰ জন্মজয়ন্তী গুৰুপৰবত উপস্থিত থাকে অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিং৷ লগতে অসমত জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে অসমত সংখ্যালঘু প্ৰমানপত্ৰ (Minority Certificate) প্ৰদানৰ কাম আৰম্ভ কৰা হৈছে৷

সংখ্যালঘু প্ৰমাণপত্ৰ যাতে সকলোৱে নিয়াৰিকৈ অনলাইনত এপ্লাই কৰি প্ৰমাণপত্ৰ লাভ কৰিব পাৰে তাৰবাবে আজি উপাধ্যক্ষ ৰাজবীৰ সিঙৰ লগতে অসম চৰকাৰৰ আই টি ডিপাৰ্টমেণ্টৰ AITEC & CSD society ৰ business processre engineering expart সিমান্ত হালৈয়ে সকলোকে বুজাই দিয়াৰ লগতে কিছুসংখ্যক যুৱক যুৱতীক প্ৰশিক্ষণো প্ৰদান কৰে৷পৰবৰ্তী সময়ত গুৱাহাটীৰ বিভিন্ন ঠাইৰ লগতে নগাঁও বৰক’লা লংকা চাপৰমুখ আদি অন্চলতো মাইনৰিতী চাৰ্টিফিকেট অনলাইন এপ্লাইৰ সজাগতা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি উপাধ্যক্ষ ৰাজবীৰ সিঙে জানিবলৈ দিয়ে৷

Leave A Reply

Your email address will not be published.