Breaking

BTR দখলৰ লক্ষ্যৰে বাজপেয়ী ভৱনত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী, ৪৪৩ গৰাকীয়ে কৰিলে যোগদান…

0 47

BTR দখলৰ লক্ষ্যৰে বাজপেয়ী ভৱনত মঙ্গলবাৰে অনুষ্ঠিত হয় বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। বিটিআৰৰ ৫ খন জিলাৰ ৪ শতাধিক লোকে যোগদান কৰে। ইয়াৰে অধিকাংশ বি পি এফ দলৰ। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৃষ্ঠপোষকতাত এই যোগদান কাৰ্যসূচী হয়।‌ অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা; মন্ত্ৰী পিয়ুজ হাজৰিকা,জয়ন্তমল্ল বৰুৱা; বিধায়ক মানৱ ডেকা , ৰূপক শৰ্মা প্ৰমুখ্যে বহু বিজেপি নেতা উপস্থিত থাকে। অনুষ্ঠানত ওডালগুৰি জিলাৰ ১২৭ গৰাকী, বাকসা জিলাৰ ১৬ গৰাকী, কোকৰাঝাৰ জিলাৰ ১৮৯ গৰাকী, চিৰাং জিলাৰ ৮৮ গৰাকী, তামুলপুৰ জিলাৰ ৩৩ গৰাকী মুঠ ৪৪৩ গৰাকীয়ে বি জে পি ত যোগদান কৰে।

অনুষ্ঠানৰ পিছত সাংবাদিকক সম্বোধন কৰি ভৱেশ কলিতাই কয় ২০২৫ৰ ডিচেম্বৰত অনুষ্ঠিত হ’ব BTRৰ নিৰ্বাচন। আজিৰ যোগদানে বিটিআৰত বিজেপিক অধিক শক্তিশালী কৰিব। তেওঁ জনায় যে অহা ৪ আগষ্টত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ’ব।কলিতাই লগতে কয় যে বি জে পি এটা বিচাৰধাৰা দল। এই বিচাৰধাৰাৰ প্ৰতি আকৃষ্ট হৈ অনাগত দিনত বহুত লোক বি জে পি ত যোগদান কৰিবলৈ ৰৈ আছে। অসমত ২০২৬ চনত ১০০ খনৰো অধিক আসন লাভ কৰি পুনৰ বি জে পি চৰকাৰে প্ৰতিষ্ঠা হ’ব।

Leave A Reply

Your email address will not be published.