Breaking

বৰষুণৰ বতৰত পকৰালৈ মনত পৰেনে? পকৰা সোৱাদে বাৰিষাত আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে…

0 25

বাৰিষাৰ সময়ত পকৰা খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। সাধাৰণতে ঘৰত বৰষুণ আৰম্ভ হোৱাৰ লগে লগে পকৰা বনোৱাৰ প্ৰস্তুতিও আৰম্ভ হয়। কিন্তু জানেনে, এই সুস্বাদু পকৰা আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

বাৰিষাত আৰ্দ্ৰতা আৰু গৰমৰ বাবে বেক্টেৰিয়া, ভাইৰাছ আৰু ভেঁকুৰ দ্ৰুতগতিত বৃদ্ধি পায়। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ বা দূষিত পানীৰ বাবে এই বেক্টেৰিয়া পকৰাত প্ৰৱেশ কৰি খাদ্য বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।

পকৰাত অধিক পৰিমাণৰ তেল থাকে আৰু ইয়াত পুষ্টিকৰ উপাদানৰ অভাৱ। নিয়মিতভাৱে পকৰা খালে মেদবহুলতা, উচ্চ কলেষ্টেৰল, হৃদৰোগ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

স্বাস্থ্যকৰ পকৰা খাব বিচাৰিলে পকৰা ভাজিবলৈ ঘিউ ব্যৱহাৰ কৰিব লাগে। ঘিউ ব্যৱহাৰ কৰিলে ইয়াৰ পৰা উদ্ভৱ হোৱা সমস্যাৰ আশংকা বহু পৰিমাণে কমি যায়। মনত ৰাখিব যে বাৰিষাৰ সময়ত বাহিৰৰ কোনো ধৰণৰ ভজা খাদ্য নাখাব।দেশী ঘিউ স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়।

Leave A Reply

Your email address will not be published.