Breaking

অন্য এক কাহিনী টেলিগ্ৰামৰ চিইঅ’ৰঃ ৩৯ বছৰীয়া চিইঅ’ পাভেল ডুৰভ কেনেকৈ ১০০টা সন্তানৰ পিতৃ হ’ল…

0 18

টেলিগ্ৰামৰ চিইঅ’ পাভেল ডুৰভ ১০০টা সন্তানৰ পিতৃ। ভাবিলে এইটো অতি আচৰিত কথা যেন লাগে।পাভেল ডুৰভৰ সন্তান ১২খন দেশত বাস কৰে। ৩৯ বছৰীয়া পাভেল উল্লেখ কৰে যে মই মাত্ৰ গম পাইছো মোৰ ১০০ টাতকৈও অধিক জৈৱিক সন্তান আছে। শুক্ৰাণু দান হোৱাৰ কাহিনী আৰম্ভ হৈছিল ১৫ বছৰ আগতে। যেতিয়া এজন বিবাহিত বন্ধুৱে প্ৰজনন ক্ষমতাৰ সমস্যাৰ বাবে গৰ্ভধাৰণ কৰিব পৰা নাছিল। তেওঁ তেওঁলোকক শুক্ৰাণু দান কৰিবলৈ কৈছিল। য’ত তেওঁৰ সন্মতি দিছিল।

শুক্ৰাণু দাতা হ’ল এনে এজন পুৰুষ যিয়ে নিজৰ শুক্ৰাণু দান কৰে যাতে কোনো বন্ধ্যা ব্যক্তি বা দম্পতীয়ে গৰ্ভধাৰণ কৰি সন্তান জন্ম দিব পাৰে। ১৮৮৪ চনৰ পৰা আমেৰিকাত শুক্ৰাণু দানৰ সহায়ত সন্তানৰ জন্ম হ’বলৈ ধৰিছে।পাভেল ডুৰভে অসংখ্য শুক্ৰাণু দান কৰিছে। তেওঁৰ সন্তান ১২খন দেশত বিয়পি আছে।

Leave A Reply

Your email address will not be published.