Breaking

পূৱ মণ্ডল ছাব-জুনিয়ৰ হকীৰ সামৰণি…

0 26

পূৱ মণ্ডল ছাব-জুনিয়ৰ হকীৰ সামৰণি

ল’ৰাত ওড়িছা-ছোৱালীত ঝাৰখণ্ড চেম্পিয়ন

ওড়িছাৰ ল’ৰাৰ দল তথা ঝাৰখণ্ডৰ ছোৱালী দলে গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী প্ৰতিযোগিতাৰ সোণৰ পদক লাভ কৰিছে৷ হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা ল’ৰা আৰু ছোৱালীৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ দূয়োখন ফাইনেল তথা ব্ৰঞ্জ পদকৰ উভয় শাখাৰ মেচ আজি অনুষ্ঠিত হয়৷

ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ল’ৰাৰ ফাইনেলত ওড়িছাই শ্বুটআউটত ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে ঝাৰখণ্ডক৷ নিৰ্ধাৰিত সময়ত খেলখন গলশূন্য হৈছিল৷ ঝাৰখণ্ডে ৰূপ লাভ কৰাৰ বিপৰীতে মনিপুৰৰ ল’ৰাৰ দলে বিহাৰক ১৩-১ গলত পৰাস্ত কৰি ব্ৰঞ্জ অৰ্জন কৰে৷

ইফালে, ছোৱালীৰ শাখাৰ ফাইনেল মেচখনো শ্বুটআউটৰ জড়িয়তে ফলাফল নিৰ্ণয় কৰা হয়৷ ঝাৰখণ্ডে ৩-০ ত ওড়িছাক পৰাস্ত কৰি সোণ লাভ কৰে৷ ওড়িছাই ৰূপ তথা মনিপুৰে বিহাৰক ২-০ গলত পৰাস্ত কৰি ব্ৰঞ্জ অৰ্জন কৰে৷

উল্লেখ্য যে আয়োজক ৰাজ্য অসমসহ মুঠ সাতখন ৰাজ্যৰ ল’ৰা-ছোৱালীৰ দলে অংশগ্ৰহণ কৰা আঠদিনীয়া প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি বঁটা প্ৰদান কৰে শীৰ্ষ আৰক্ষী বিষয়া প্ৰতীক টুবে, সুধাকৰ সিং, অসম হকী সন্থাৰ সম্পাদক তপন কুমাৰ দাস আৰু ৰাকেশ দাসে৷

Leave A Reply

Your email address will not be published.