Breaking

শিৱসাগৰৰ এঘাৰ বছৰীয়া চাহিন আফতাৰা বেগমে কিক বক্সিং আৰু উছোত সাফল্য

0 57

শিৱসাগৰৰ এঘাৰ বছৰীয়া চাহিন আফতাৰা বেগমে কিক বক্সিং আৰু উছোত সাফল্য

এগৰাকী কণমানি খেলুৱৈ। মাত্ৰ এঘাৰ বছৰ বয়সতে একাধিক প্ৰতিযোগিতাত পদক লাভ কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে শিৱসাগৰ নগৰৰ সমীপৰ ৰংঘৰ চাৰিআলিৰ চাহিন আফতাৰা বেগমে।

দাদু উল্লাহ আৰু মুস্ফিকা বেগমৰ কন্যা তথা পঞ্চম শ্ৰেণীৰ ছাত্ৰী চাহিনে উছো, কম্ফুৰ সমান্তৰাল ভাৱে কিক বক্সিং প্ৰতিযোগিতাত শিৱসাগৰ জিলাখনৰ লগত অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা সমূহত সোণৰ, ৰূপৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

শেহতীয়াকৈ পশ্চিম বংগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কম্ফু প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধি কৰি চাহিনে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে সদ্য অন্ত পৰা তথা ২৭ জুলাইত ডেৰগাঁৱত অনুষ্ঠিত হোৱা কিক বক্সিং প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় চাহিনে

Leave A Reply

Your email address will not be published.