Breaking

শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিত স্কুটী লাভ কৰা মেধাবী ছাত্ৰ-ছাত্ৰীৰ বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণৰ সামৰণি

0 19

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই পৰিবহণ বিভাগে সময়োপযোগী ভাবে পথ সুৰক্ষাৰ বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। শেহতীয়াকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত মেধাৰ ভিত্তিত উত্তীৰ্ণ হৈ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত মাহজোৰাকৈ দুচকীয়া বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয়। পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ বিশেষ পৰিকল্পনা আৰু তত্বাৱধানত যোৱা ১জুলাইৰ পৰা অনুষ্ঠিত ছাত্ৰ-ছাত্ৰীৰ বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণৰ বুধবাৰে সামৰণি পৰে। এই উপলক্ষে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ যুটীয়া সঞ্চালক প্ৰসন্ন বৰা, বিশিষ্ট কন্ঠশিল্পী তথা উচ্চপদস্থ শিক্ষা বিষয়া ড° মৌচুমী চহৰীয়া, প্ৰাক্তন জিলা পৰিবহণ বিষয়া দ্বীজেন দাস, জনপ্ৰিয় গায়ক কল্লোল বৰঠাকুৰ আৰু জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ উপস্থিতিত হোণ্ডা ছেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

কাৰ্যসূচী অনুসৰি সভাৰ আৰম্ভণিতে দুচকীয়া বাহন চালনাৰ মাহজোৰা প্ৰশিক্ষণৰ উদ্দেশ্য বাখ্যা কৰি বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে কয় যে সুখ্যাতিৰে উত্তীৰ্ণ হৈ পণ্ডিত ব্যক্তি ড° বাণীকান্ত কাকতি বঁটা হিচাপে শিক্ষা বিভাগৰ পৰা স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মেধা আৰু সক্ষমতাৰ তুলনা নাই। সেয়ে স্কুটী এখন হাতত পৰাৰ আগতেই এইসকল ছাত্ৰছাত্ৰীক ৰাষ্টাত বাহন চালনাৰ ক্ষেত্ৰতো যাতে পাকৈত-পাৰদৰ্শী, দক্ষতাসম্পন্ন আৰু আদৰ্শ চালক হিচাপে গঢ়ি তুলিব পাৰি সেই উদ্যেশেই পৰিবহণ বিভাগে তেওঁলোকক বিশেষ প্ৰশিক্ষণৰে যোগ্যতাসম্পন্ন কৰি তুলিবলৈ চেষ্টা চলায়। কিয়নো এইসকল শিক্ষাৰ্থীয়ে অনাগত দিনত ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত অব্যাহত ৰাখি মুখ্যমন্ত্ৰী মহোদয়ৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰিব লাগিব । সেয়ে সোণালী সপোনখেদা আজিৰ মেধা প্ৰজন্মক যানবাহনজড়িত প্ৰতিটো গুৰুত্বপূৰ্ণ কামতে অন্ততঃ ত্ৰিশ মিনিট আগতেই যাত্ৰা আৰম্ভ কৰিবলৈ তেওঁ আহ্বান জনায়। কামটো দৌৰাদৌৰি বুলি ভাবি বাহনৰ নিদিষ্ট গতিবেগতকৈ আগত দৌৰাৰ মানসিকতা পৰিহাৰ কৰি আজিৰ মেধা প্ৰজন্মক তেওঁ ধীৰ-সুস্থিৰ আৰু নিয়ন্ত্ৰিত গতিবেগত বাহন চলাই শিক্ষাৰ দৰেই ৰাজপথৰ সুৰক্ষিত যাতায়ততো দক্ষতাৰ পৰিচয় দেখুৱাবলৈ আহ্বান জনায় পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে। গুৰুত্বপূৰ্ণ সভাখনত উপস্থিত থাকি উচ্চ শিক্ষা বিভাগৰ যুটীয়া সঞ্চালক প্ৰসন্ন বৰাই সন্মুখৰ দীঘল পথত দুচকীয়া বাহনত উঠি দূৰন্ত গতিত আগবাঢ়ি যোৱা দুৰাকাঙ্খাৰ বিপৰীতে অগ্ৰজ, মেধাসম্পন্ন আৰু বৰেণ্য লোকসকলৰ ছাঁ-পোহৰ অনুসৰণ কৰি নিজৰ ব্যক্তিত্ব আৰু মানসিক উৎকৰ্ষৰ দৌৰত অবতীৰ্ণ হ’বলৈহে উঠিঅহা প্ৰজন্মৰ প্ৰতি গুৰুত্বপূৰ্ণ আহ্বান জনায় । তেতিয়াহে নিজৰ লগতে সমাজ আৰু দেশৰ উন্নতি হ’ব বুলিও তেওঁ কয়।


বিশিষ্ট কন্ঠশিল্পী ড° মৌচুমী চহৰীয়াই তাহানিতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান লাভ কৰি চৰকাৰৰ পৰা এহাজাৰ টকাৰ মাননি লাভ কৰা মধুৰ স্মৃতি সুঁৱৰি আজিৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰৰ পৰা স্কুটী পাই পৰিবহণ বিষয়াৰ কাৰ্যালয়ত বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ লাভ কৰি ঘৰতে বহি তাৎক্ষণিকভাবে বাহন চালনাৰ অনুজ্ঞাপত্ৰ এখন নিজ উলিয়াই ল’ব পৰালৈকে অনেক সুবিধা লাভ কৰা সৌভাগ্যৱান সকলক কষ্টসাধ্য প্ৰচেষ্টাৰে নিজকে দেশৰ সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ ব্যতিক্ৰমী আহ্বান জনায়। ভাষণৰ মাজতে এটি সংস্কৃত শ্লোক গুণগুণাই ড° ভূপেন হাজৰিকাৰ “তোমাৰ দেখোন নাম পত্ৰলেখা” গীতটি পৰিৱেশন কৰি গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত সঙ্গীতশিল্পী গৰাকীয়ে অনন্য মাত্ৰা প্ৰদান কৰে। জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসে আজিৰ মেধাসম্পন্ন যুৱপ্ৰজন্মই যাতে অনাগত দিনৰ ৰাজপথত যানবাহন চালনাৰ নিয়ম-শৃংখলা, ধৈৰ্য বজাই ৰাখিহে আগবাঢ়ে তাৰবাবে সতৰ্ক কৰি দিয়ে। কিয়নো পথত অকণমান অমনোযোগী হ’লেই বিপদ। বিশেষকৈ নিজস্ব মেধাশক্তিৰ বলত স্কুটী লাভ কৰা শিক্ষাৰ্থীক ৰাষ্টাত নিয়ম ভঙাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ নহ’বলৈ জিলা পৰিবহণ বিষয়াগৰাকীয়ে অতি আন্তৰিকতাৰে আহ্বান জনায়। অনুষ্ঠানত কন্ঠশিল্পী কল্লোল বৰঠাকুৰে পথ-সুৰক্ষা সজাগতামূলক বাণীৰ আধাৰত পৰিবহণ বিষয়া গৌতম দাসৰ পৰিকল্পনা আৰু তত্বাৱধানত প্ৰস্তুত কৰা এটি গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।


কাৰ্যসূচী অনুসৰি আজিৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানটোৰ আৰম্ভণিতে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত বন্তি প্ৰজ্বলন কৰা হয়। মালিগাঁও সেৱা ভাৰতী জনজাতি ছাত্ৰাবাসৰ ছাত্ৰ-ছাত্ৰীসকলে গুৰুবন্দনা পৰিৱেশন কৰে। অনুষ্ঠানৰ মাজতে মুকাভিনেতা মিনাংক ডেকাৰ পৰিচালনাত মুকাভিনয় পৰিৱেশন কৰা হয়। উল্লেখ্য যে, যোৱা এমাহে দুচকীয়া বাহন চালনাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক আজি মানপত্ৰ আৰু যানবাহন চালনাৰ নীতিনিয়ম সম্বলিত একোখনকৈ গ্ৰন্থ প্ৰদান কৰা হয়।

Leave A Reply

Your email address will not be published.