Breaking

পিলিক চৌধুৰী ফুটবল প্ৰতিযোগিতাত ধেমাজি কোৱাৰ্টাৰ ফাইনেলত…

0 28

পিলিক চৌধুৰী ১৫ বছৰ অনুৰ্ধ্ব আন্তংজিলা স্কুল ফুটবল প্ৰতিযোগিতাত ধেমাজি জিলা স্কুল দলে কোৱাৰ্টাৰত ফাইনেলত প্ৰৱেশ কৰিছে ৷ বুধবাৰে গুৱাহাটীৰ ছাই খেলপথাৰত অনুষ্ঠিত হোৱা এখন খেলত ধেমাজি জিলা স্কুল দলে শক্তিশালী কোকৰাঝাৰ দলক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ উত্তেজনপূৰ্ণ খেলখনত ধেমাজি জিলা স্কুল দলৰ হৈ আয়াং ক’ দলেয়ে -১, দ্বীপ নাৰ্জাৰীয়ে-১ আৰু তিলকজিৎ দলেয়ে  ১ গ’ল দি ধেমাজি জিলা দলক কোৱাৰ্টাৰ ফাইনেলত উপনীত কৰায় ৷ একেদৰে গুৱাহাটী ছাই খেলপথাৰত কালি অনুষ্ঠিত  হোৱ  অনুষ্ঠিত হোৱা  আন এখন খেলত ধেমাজি জিলা স্কুল দলে দক্ষিণ শালমৰা মানকাছাৰ জিলা স্কুল দলক ৬-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছিল ৷

ধেমাজি জিলা স্কুল দলৰ হৈ কালি দ্বীপ নাৰ্জাৰীয়ে ২ গ’ল, তিলজিৎ দলেয়ে ২ গ’ল, ৰবীন্দ্ৰ বসুমতাৰীয়ে ২ গ’ল দিবলৈ সক্ষম হৈছিল ৷  মানকাছাৰ স্কুল দলে কোনো কাৰণ দ্বিতীয়াৰ্ধত খেলপথাৰ ত্যাগ কৰেে আৰু খেলৰ পৰিচালকে নিয়ম অনুসৰি ধেমাজি জিলা দলক বিজয়ী বুলি ঘোষণা কৰে ৷ উল্লেখনীয় যে,  ধেমাজি জিলা স্কুল দলৰ হৈ মিংমাং নলবাৰী হাইস্কুল দলে পিলিক চৌধুৰী ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ইয়াত টীম মেনেজাৰৰ দায়িত্বত গেৰেমছা দৈমাৰী আৰু প্ৰশিক্ষক হিচাপে আছে ৰিপু নাৰ্জাৰী ৷

Leave A Reply

Your email address will not be published.