Breaking

মা, তুমি খেলাঃ গৰ্ভত সন্তান আৰু কান্ধত দেশৰ আশাৰ ভাৰ! অলিম্পিকত গৰ্ভৱতী খেলুৱৈ নাডা হাফেজ…

0 48

গৰ্ভৱতী অৱস্থাত ঘৰতে থাকক, লাহে লাহে খোজ কাঢ়িব, নিজৰ যত্ন লওক… ! ইতিহাসৰ পৰা আজিলৈকে এই সকলোবোৰ কথা প্ৰায়ে আমি শুনো, নাৰীক গৰ্ভৱতী হ’লে ঘৰতে থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। কিন্তু বৰ্সতমান সময়ত পৰিৱৰ্তনশীল। বৰ্তমান যিখন ছবি পোহৰলৈ আহিছে ইতিহাসত এনেকুৱা কেতিয়াও হোৱা নাই। পেৰিছ অলিম্পিক ২০২৪ত এইবাৰ গৰ্ভৱতী মহিলা। ইজিপ্তৰ খেলুৱৈ নাডা হাফেজে অলিম্পিকত শিৰোনাম দখল কৰি তেওঁ কৈছিল যে তেওঁ খেলপথাৰত অকলে যুঁজ দিয়া নাই, তেওঁৰ ভিতৰত এটি সৰু জীৱন আছে যিয়ে উশাহ লৈ আছিল, যিয়ে তেওঁৰ সাহস বৃদ্ধি কৰিছিল , মা, তুমি খেলা, তুমি না ৰৈছা আৰু আৰু ৰৈ যোৱাৰ কোনো উদ্দেশ্য নাই।

নাদা হাফেজ, মাত্ৰ ২৬ বছৰীয়া ইজিপ্তৰ নাদা হাফেজ ইয়াৰ পূৰ্বে জিমনাষ্ট আছিল। তিনিখন অলিম্পিকত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছে। লণ্ডন, টকিঅ’ আৰু এতিয়া পেৰিছ অলিম্পিকত খেলিছিল। নাদা হাফেজে গৰ্ভৱতী হোৱাৰ পিছতো প্ৰথমখন মেচত জয়লাভ কৰিছিল। ফেন্সিং চিংগলছ ছেবাৰ ইভেণ্টৰ ১৬ ৰাউণ্ডত ইজিপ্তৰ নাডা হাফেজ আৰু দক্ষিণ কোৰিয়াৰ খেলুৱৈ জিঅ’ন হিউঙে খেলপথাৰত মুখামুখিকৈ ​​থিয় হৈছিল আৰু দক্ষিণ কোৰিয়াৰ খেলুৱৈগৰাকীৰ হাতত নাডা হাফেজ পৰাস্ত হৈছিল। যদিও নাডা হাফেজে পৰাস্ত হোৱাৰ পিছত অলিম্পিকৰ পৰা আঁতৰি গৈছে, তথাপিও ২০২৪ চনৰ পেৰিছ অলিম্পিকত তেওঁ চিৰদিনৰ বাবে এক চিন আৰু আদৰ্শ এৰি থৈ গৈছে। চেম্পিয়ন মাতৃ হিচাপে তেওঁৰ নাম ইতিহাসত লিপিবদ্ধ হৈছে।

Leave A Reply

Your email address will not be published.