Breaking

কেৰালাৰ ৱায়নাডত পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী…

0 31

কেৰালাৰ ৱায়ানাডত ভূমিস্খলনৰ ফলত ২৭৬ জন নিহত । ২০০ৰো অধিক লোক নিৰুদ্দেশ । আনহাতে হিমাচল, উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ ধ্বংসলীলা । কেৰালাৰ ৱায়ানাদত ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৬ জনলৈ বৃদ্ধি পাইছে । একে সময়তে হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণৰ বাবে বহু লোক নিৰুদ্দেশ ।

উত্তৰাখণ্ডতো ডাৱৰ বিস্ফোৰণৰ বাবে গৌৰীকুণ্ড-কেদাৰনাথ পথ বন্ধ হৈ পৰে । কেৰালা, হিমাচল প্ৰদেশ, উত্তৰাখণ্ডকে ধৰি বহু ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। কেৰালাৰ ৱায়ানাড জিলাত ভূমিস্খলনত প্ৰাণ হেৰুৱা লোকৰ সংখ্যা ২৭৬ জনলৈ বৃদ্ধি ।এতিয়াও সন্ধানহীন হৈ আছে ২০০ৰো অধিক লোক ।

সেনা, এন ডি আৰ এফ, ৰাজ্যিক জৰুৰীকালীন সেৱাৰ জোৱান আৰু স্থানীয় লোকৰ উদ্ধাৰ অভিযান অব্যাহত
পৰিস্থিতিৰ বুজ ল’বলৈ কেৰালা বাইনাদত উপস্থিত হৈছে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ।
কেৰালাৰ ১১ খন জিলাৰ শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা । ধাৰাসাৰ বৰষুণ বাবে ৰেড এলাৰ্ট জাৰি প্ৰশাসনৰ ।

Leave A Reply

Your email address will not be published.