Breaking

তেজপুৰত পাচ দিনীয়া বৰ্ণাধ্য কায্যসূচীৰে নটসূৰ্য ফণী শৰ্মাৰ স্মৃতি দিৱস উদযাপন…

0 16

নটসূৰ্য্য ফণী শৰ্মাৰ ৪ সংখ্যক স্মৃতি দিৱসৰ লগত সংগতি ৰাখি বুধবাৰৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাণ থিয়েটাৰৰ উদ্যোগত আৰু মাজগাঁও শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত মূল অনূষ্ঠানত কালি সন্ধিয়া ৬ বজাত নটসূৰ্য্য গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে নটসূৰ্যৰ পুত্ৰ অজিত শৰ্মাই। বাণ থিয়েটাৰৰ আধুনকী কৰণৰ বাবে নিৰ্মাণৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত মাজগাঁৱৰ শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট তথা উপস্থিত সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছতেই বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা আৰু শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ সভাপতি তোলন চন্দ্ৰ ভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় স্মৃতিচাৰণ আৰু বাণ থিয়েটাৰ বঁটা প্ৰদান অনুষ্ঠান। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা আৰু বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত বিশিষ্ট নাট্যকাৰ -পৰিচালক -অভিনেতা তথা প্ৰসিদ্ধ গীতিকাৰ হেমন্ত দত্তক “বাণ থিয়েটাৰ বঁটা -২০২৪ “প্ৰদান কৰা হয়। উল্লেখ্য যে হেমন্ত দত্তৰ অনুপস্থিতিত আজি বাণ থিয়েটাৰৰ এই সন্মানীয় বঁটাটি শিল্পী গৰাকীৰ সমষ্টি তথা মঙ্গলদৈৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে পুত্ৰ অনিৰ্বাণ দত্ত আৰু বোৱাৰী মনচুন দেৱী দত্তৰ সৈতে গ্ৰহণ কৰে।

বঁটাটিত নগদ ২০ হাজাৰ টকা সহ ,স্মাৰক ,অংগ বস্ত্ৰ ,প্ৰশস্তি ,জাপি আৰু বাণ থিয়েটাৰৰ প্ৰকাশিত গ্ৰন্থৰ টোপোলা আগবঢ়োৱা হয়। বঁটা গ্ৰহণ কৰি বিধায়ক বসন্ত দাসে অকল মঙলদৈৰে নহয় ৰাজ্যখনৰ সু সন্তান তথা আধুনিক নাট্য আন্দোলনৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ পুৰোধা গৰাকীক বাণ থিয়েটাৰৰ দৰে এটি ঐতিহ্যমণ্ডিত অনুষ্ঠানে এই বঁটা প্ৰদান কৰাত বিধায়ক হিচাবে বাণ থিয়েটাৰ কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে। তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰা আৰু অন্নদা কুমাৰ পদ্মপতি দাতা পৰিয়ালৰ সদস্য শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতিয়ে চমু ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰে ছয়দুৱাৰ মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট লেখক ওজাই নটসূৰ্য্য গৰাকীৰ বৰ্ণিল জীৱন আলোকপাত কৰে। আনহাতে শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ সম্পাদক হেমেন্দ্ৰ ভৰালীয়ে শলাগ জ্ঞাপন কৰা এই বিশেষ অনুষ্ঠানত বলিষ্ঠ অভিনয়ৰ বাবে বাণ থিয়েটাৰৰ জ্যেষ্ঠ অভিনেতা ভূপেন শৰ্মাক “অন্নদা কুমাৰ পদ্মপতি সোঁৱৰণী শ্ৰেষ্ঠ অভিনেতাৰ বঁটা, দৰ্শনা বাইলুং মহন্তক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰাৰ উপৰি মৌনিতম শইকীয়াক “কাৰ্তিক হাজৰিকা সোঁৱৰণী শ্ৰেষ্ঠ শিশু অভিনেতাৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত প্ৰবীণ কন্ঠশিল্পী কল্পনা কলিতাৰ এটি গীতৰ সঁফুৰা আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়।

Leave A Reply

Your email address will not be published.