Breaking

দিল্লীৰ পৰা কেৰালালৈকে ধাৰাসাৰ বৰষুণ! কেৰালাৰ ৱায়ানাদত ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি, ৫ আগষ্টলৈ এই ৰাজ্যসমূহত হ’ব বৰষুণ…

0 18

সমগ্ৰ দেশতে বৰষুণৰ ফলত বিধ্বংসী সৃষ্টি হৈছে, কেৰালাৰ ৱায়ানাদৰ পৰা ইউ পিলৈকে বৰষুণৰ ফলত শ শ লোকে প্ৰাণ হেৰুৱাইছে। উত্তৰ ভাৰতৰ বহু ঠাইত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ২০ জনতকৈ অধিক লোকৰ মৃত্যু। বৰষুণ আৰু ভূমিস্খলনৰ বাবে বহু লোক নিৰুদ্দেশ হৈছে। কেৰালাৰ ৱায়ানাদত ভূমিস্খলনৰ ফলত মৃত্যু হৈছে ২০০ৰো অধিক লোকৰ। উত্তৰাখণ্ডত নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ১২ জন লোকৰ মৃত্যু। বতৰ বিজ্ঞান বিভাগে জনাইছে যে আজি বহু অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিল্লী-ইউ পিৰ পৰা হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডলৈ ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে আই এম ডিয়ে।

হিমাচল প্ৰদেশতো ডাৱৰ বিস্ফোৰণৰ ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৫০ জন লোক নিৰুদ্দেশ। কৰ্ণাটকৰ উডুপি জিলাৰ নেল্লিকাৰু গাঁৱত প্ৰচণ্ডৰ পৰা অতি প্ৰবল বৰষুণৰ ফলত এটা ঘৰ আংশিকভাৱে ভাঙি মৃত্যু হয় এগৰাকী ৫৬ বছৰীয়া মহিলাৰ। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰে ৰাজধানীত আকাশ ডাৱৰীয়া হোৱাৰ লগতে কিছু অঞ্চলত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। দিল্লী আৰু ইয়াৰ দাঁতিকাষৰীয়া ৰাজ্যসমূহৰ একাংশ স্থানত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা থকা বুলিও বিভাগটোৱে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.