Breaking

বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে মূখ্য অভিযন্তা অজয় কুমাৰ মিশ্ৰৰ কাৰ্যভাৰ গ্ৰহণ…

0 19

ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠনৰ (বি আৰ অ ) পূৱ মণ্ডলৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰধান (এ ডি জি) হিচাপে বৃহস্পতিবাৰে পূব মণ্ডলৰ গুৱাহাটীৰ লংকেশ্বৰস্থিত মূখ্য কাৰ্যালয়ত কাৰ্যভাৰ গ্ৰহণ কৰে ব্ৰহ্মাংক প্ৰকল্পৰ মুখ্য অভিযন্তা অজয় কুমাৰ মিশ্ৰই। উল্লেখ্য যে পূৱ মণ্ডলৰ এ ডি জি প্ৰবীণ কুমাৰ হনুমন্ত সিঙে ৩১ জুলাইত অৱসৰ গ্ৰহণ কৰাত প্ৰতিৰক্ষা মন্ত্ৰণালয়ে অৰুণাচল প্ৰদেশৰ পাছিঘাটস্থিত ব্ৰহ্মাংক প্ৰকল্পৰ মুখ্য অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অজয় কুমাৰ মিশ্ৰক জ্যেষ্ঠতা, দক্ষতা আৰু অভিজ্ঞতাৰ ভিত্তিত অজয় কুমাৰ মিশ্ৰক বি আৰ অৰ পূৱ মণ্ডলৰ ভাৰপ্ৰাপ্ত এ ডি জি হিচাপে নিযুক্তি দিয়া হয়। উল্লেখ্য যে ১৯৯২ বেটছৰ সীমান্ত পথ অভিযান্ত্ৰিক সেৱাৰ বিষয়া অজয় কুমাৰ মিশ্ৰই বিগত প্ৰায় ৩২ বছৰত জম্মু – কাশ্মীৰ , অৰুণাচল প্ৰদেশকে ধৰি ভাৰত – তিব্বত সীমান্তৰ অতি দুৰ্গম অঞ্চলত পথ, দলং, সুৰংগ আদিৰ নিৰ্মাণ কাৰ্যত জড়িত হৈ যাতায়াত ব্যৱস্থাৰ উন্নয়ন সাধন কৰাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা সঞ্চয় কৰিছে।

আনকি ভাৰত – তিব্বত সীমান্তৰ দাঁতিয়েদি বৰ্ত্তমান নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা অৰুণাচল প্ৰদেশৰ ফ্ৰন্টিয়াৰ হাইৱে নামৰ দুইলেনযুক্ত ঘাইপথ প্রকল্পৰ লগতো জড়িত হৈ আছে বি আৰ অত দক্ষ অভিযন্তা হিচাপে সুনাম অৰ্জন কৰা অজয় কুমাৰ মিশ্ৰ। আনহাতে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই পূৱ মণ্ডল মূখ্য কাৰ্যালয়ৰ সভাগৃহত অভিযন্তা আৰু বিষয়া সকলৰ সৈতে এখন বৈঠকত মিলিত হৈ অজয় কুমাৰ মিশ্ৰই পূৱ মণ্ডলৰ অধীনত চলি থকা বিভিন্ন প্ৰকল্পৰ কাম – কাজ সমূহৰ পৰ্যালোচনা কৰাৰ লগতে সকলো নিৰ্মাণ কাৰ্য যাতে নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Leave A Reply

Your email address will not be published.