Breaking

জলসম্পদ বিভাগৰ নিৰন্তৰ প্ৰচেষ্টাত প্ৰাণ পোৱা ঐতিহাসিক কালমণি নৈত একাংশ লোকে পেলাই আহিছে দূষিত গেলা – পচা পদাৰ্থ; একাংশ লোকৰ ভূলৰ বাবে কৃত্ৰিম বানৰ কবলত পৰিব পাৰে বৃহত্তৰ আজাৰা অঞ্চল…

0 14

ৰাজধানী গুৱাহাটী পৰা কিছু নিলগত থকা অসম-মেঘালয় সীমান্তৰ ৰাণীৰ পৰা দীপৰ বিললৈ বৈ অহা ঐতিহাসিক কালমণি নৈখন বিগত ২০২১-২২ বৰ্ষত অসম চৰকাৰৰ জলসম্পদ বিভাগে পুনৰুজ্জীৱিত কৰি তোলা বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদকে ধৰি বৃহত্তৰ আজাৰা অঞ্চল কৃত্ৰিম বানপানীৰ কবলৰ পৰা বিগত প্ৰায় দুই বছৰ ধৰি ৰক্ষা পৰি আহিছিল। কিন্তু অঞ্চলটোৰ একাংশ অসাধু লোকৰ দায়িত্বহীন মনোভাৱৰ বাবেই ঐতিহাসিক নৈখন পুনৰ নিশ্চিহ্ন হোৱাৰ দিশে উপক্ৰম হৈছে। উল্লেখযোগ্য যে আজাৰা ৰাজহ চক্ৰ এলেকাৰ অন্তৰ্গত আজাৰা অঞ্চলৰ মাজেৰে বৈ যোৱা তথা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ঐতিহাসিক কালমণি নৈখনত আৱৰ্জনা নেপেলাবলৈ জলসম্পদ বিভাগে ৰাইজক আহ্বান জনাইছিল। আনকি কালমণি নৈ পুনৰজ্জীৱিত কৰাৰ পিছতেই বৃহত্তৰ আজাৰা অঞ্চলৰ ৰাইজৰ অভিভাৱক সংগঠন স্বৰূপ আজাৰা অঞ্চলৰ ৰাজহুৱা অনুষ্ঠান “আজাৰা তালুক”ৰ তৰফৰ পৰা আজাৰা বিভিন্ন স্থানত সতৰ্কতামূলক জাননীও আঁৰি দিছিল। এলেকাটোৰ বিভিন্ন ঠাইত আঁৰি দিয়া এনে বেনাৰ সমূহৰ জৰিয়তে কালমণি নৈ আৰু ৰাষ্ট্ৰীয় ঘাইপথ- উপপথৰ দাঁতিত জাবৰ -জোঁথৰ পেলোৱা নিষিদ্ধ কৰা হৈছিল। কিন্তু সময় বাগৰি যোৱাৰ লগে-লগে সম্প্রতি এচাম অসাধু লোকে জলসম্পদ বিভাগে জীৱন দান দিয়া কালমণি নৈৰ বিভিন্ন ঠাইত আৱৰ্জনা পেলাই নৈখন পুনৰ পুতি পেলোৱাৰ অভিসন্ধি কৰিছে।

যাৰ ফলত নৈখনৰ কিছু ঠাইত আৱৰ্জনা দ’ম হৈ পানী বৈ যোৱাৰ পথ বন্ধ হৈ পৰিছে। যদিহে আৱৰ্জনা পেলোৱা কাৰ্য বন্ধ নহয় তেতিয়াহলে এটা সময়ত কালমণি নৈখন ভৌগোলিক মানচিত্ৰৰ পৰা নিচিহ্ন হৈ পৰিব । উল্লেখ্য যে, মেঘালয় সীমান্তৰ ৰাণী অঞ্চলৰ পৰা বৈ অহা পানীভাগ পাটগাঁও আৰু আজাৰা অঞ্চলৰ অতিৰিক্ত পানীভাগ কালমণি নৈৰে বৈ গৈ দীপৰ বিলত পৰে । কিন্তু দুৰ্ভাগ্যজনক কথা এই যে বহু বছৰ ধৰি ৰাণীগেটৰ পৰা অৰ্জুনগুৰিৰ দলঙলৈকে নৈখন দীপৰ বিলত পৰা অংশখিনিলৈ এচাম লোকে কালমণি নৈখনত আৱৰ্জনা পেলাই অহাৰ ফলত বিগত প্ৰায় এটা দশক ধৰি নৈখনৰ অপমৃত্যু হৈছিল। ফলত বি এছ এফৰ পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদ, বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদৰ একাংশ , ভি আই পিৰ মিলন নগৰকে ধৰি বৃহত্তৰ আজাৰাৰ এক বিস্তীৰ্ণ অঞ্চল বাৰিষাৰ সময়ছোৱাত এজাক বৰষুণ দিলেই কৃত্ৰিম বানপানীৰ কবলত পৰাটো তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছিল । অৱশেষত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিশেষ তৎপৰতাত জলসম্পদ বিভাগৰ মিৰ্জাস্থিত পলাশবাৰী-গুমি প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ে বিগত ২০২১ – ২২ বৰ্ষত কালমণি নৈখনক পুনৰ জীৱন দান দিয়াৰ উদ্দেশ্যেৰে ৰাণীগেটৰ পৰা অৰ্জুনগুৰিৰ দলঙলৈকে খনন কাৰ্য আৰম্ভ কৰি সম্পূৰ্ণ কৰিছিল। আনকি খনন কার্য চলোৱাৰ সময়ত নৈখনৰ ওপৰত চৰকাৰী-বেচৰকাৰীভাবে নিৰ্মাণ কৰা সকলো অবৈধ নিৰ্মাণ উচ্ছেদ কৰা হৈছিল। আজাৰা তালুক কমিটিকে ধৰি আজাৰা অঞ্চলৰ সচেতন ৰাইজেও এইক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছিল । শেহতীয়াকৈ কিছুদিন পূৰ্বে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ কামৰূপ মহানগৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ ফালৰ পৰা বিভাগীয় মন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি জেচিবিৰে কালমণি নৈখনত একাংশ লোকে পেলাই বাম কৰি পেলোৱা জাবৰ – যোথৰ , আৱৰ্জনা সমুহ উঠাই নৈখনৰ পানীৰ স্বাভাৱিক প্রবহন ৰখাৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। আনকি জলসম্পদ বিভাগৰ ফালৰ পৰা নৈখনৰ দাঁতিত থকা লোকসকলক নৈত কোনো ধৰণৰ সামগ্ৰী নেপেলাবলৈ আহ্বান জনোৱা হৈছে। কিন্তু একাংশ লোকে সেই আহ্বানক নেওচিও পুনৰ আৱৰ্জনা পেলোৱা পৰিলক্ষিত হৈছে।

ইফালে জলসম্পদ বিভাগৰ অভিযন্তাই সদৰি কৰা অনুসৰি বিভাগে সদাব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা নৈখনত কাৰিকৰী আৰু আৰ্থিক কাৰণতে সদায় জেচিবি লগাই চাফ – চিকুণ কৰি থাকিব নোৱাৰে। যদি নৈখনত একাংশ লোকে পূৰ্বৰ দৰে নিয়মীয়াকৈ আবৰ্জনা – জাবৰ আদি পেলাই থাকে ই জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ লগতে নৈখনৰ মৃত্যু মাতি আনিব। গতিকে বৃহত্তৰ আজাৰা অঞ্চলৰ ৰাইজৰ সহযোগিতাতহে কালমণি নৈৰ অস্তিত্ব নিৰ্ভৰ কৰিব বুলি জলসম্পদ বিভাগৰ অভিযন্তাই সদৰি কৰিছে। জানিব পৰা মতে সমষ্টি পুনৰ গঠনৰ পাছত আজাৰা অঞ্চলটো মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পাছৰে পৰা আন আন বিভাগৰ দৰে জলসম্পদ বিভাগৰ ফালৰ পৰা তেওঁলোকৰ অধীনত পৰা সকলো নলা – নৰ্দমাৰে পানী প্ৰবহন ব্যৱস্থাটো যাতে বাধাহীন ভাবে চলি থাকে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয়।

Leave A Reply

Your email address will not be published.