Breaking

নিউ গুৱাহাটীত তিনিদিনীয়া শিক্ষক কৰ্মশালাৰ সামৰণি…

0 18

নিউ গুৱাহাটী ৰেলৱে কলনীস্থিত ‘জ্ঞানদীপ একাডেমী’ত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত ২৮ জুলাইৰ পৰা ৩০ জুলাইলৈ তিনিদিনীয়া এক “শিক্ষক প্ৰশিক্ষণ কৰ্মশালা” অনুষ্ঠিত হয়। শিক্ষা ব্যৱস্থাৰ এক নতুন ধাৰা সৃষ্টিৰ বাবে ভাৰত চৰকাৰে প্ৰস্তত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিক আধাৰ হিচাপে লৈ এই শিক্ষক প্ৰশিক্ষণ তথা কৰ্মশালা আয়োজন কৰা হয়। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিক সৰোগত কৰি কিদৰে বিদ্যালয়ে এখনে শিক্ষা প্ৰদান কৰিব লাগিব বা তীব্ৰ ভাৱে পৰিৱৰ্তীত সময়ৰ সৈতে খোজত খোজ মিলাই ছাত্ৰ-ছাত্ৰী সকলক আগবঢ়াই নিব লাগিব বা চিনাকি কৰি দিব সেই দৃষ্টিভংগী সমুখত ৰাখি ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ নীতি সমূহ শিক্ষাদান প্ৰক্ৰিয়াত যাতে সুচাৰুৰূপে প্ৰতিফলিত হয় সেই উদ্দেশ্যে সন্মুখত ৰাখি কৰ্মশালাত তিনিটা বিষয় বস্তুক অন্তৰ্ভুক্ত কৰা হয়। কৰ্মশালাত প্ৰথম দিনৰ কাৰ্যসূচীত বিষয়বস্তু আছিল ” নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ আৰু বৃত্তি মুখি শিক্ষাৰ বিকাশত শিক্ষকৰ শৈক্ষিক শৈলী”। এই কাৰ্যসূচীত সমল ব্যক্তি হিচাবে উপস্থিত থাকে ছিলঙৰ লালদিনমাৱিঅ হানিয়ালুম চমূকৈ যোছেফ।

বামুণীমৈদাম শাখাৰ চি আৰ চি চি অৰুণ বৈশ্যই এনে পদক্ষেপ গ্ৰহণ কৰা বাবে বিদ্যালয়খনৰ অধ্যক্ষ হেমন্ত কুমাৰ গোস্বামীৰ শলাগ লয়। দ্বিতীয় দিনৰ প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাবে উপস্থিত আছিল গুৱাহাটী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক ডঃ জিন্ত শৰ্মা আৰু প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ডঃ পিঙ্কি বৰুৱা । দ্বিতীয় দিনৰ প্ৰশিক্ষণ বিষয়বস্তু আছিল ” প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ বিজ্ঞান শিক্ষনত ছাত্ৰ-ছাত্ৰীৰ দক্ষতা আৰু বাস্তৱিক কাৰ্য্যকলাপৰ উৎকৃষ্ট সাধনত শিক্ষকৰ ভূমিকা”। হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা পৰিচালনা সমিতিৰ সদস্য নিধন বৰ্মনে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক সকলো কাম অতি আন্তৰিকতাৰে সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। তৃতীয় দিনাৰ বিষয়বস্তু “প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত ইংৰাজী ভাষা আৰু ইয়াৰ বিকাশ আৰু শিক্ষাত শিক্ষকৰ ভূমিকা”ৰ বাবে । সমল ব্যক্তি হিচাবে উপস্থিত আছিল নতুন ফতাশিল হাইস্কুলৰ ইংৰাজী বিষয়ৰ শিক্ষক মৰমী শৰ্মা। তৃতীয়দিনাৰ কাৰ্যসূচীত এই অঞ্চলৰ এগৰাকী সমাজহিতৈষী আৰু কৰ্মী দণ্ডী কাকতিয়ে ভাগ লৈ অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.