Breaking

ভুৱা জাতিৰ প্ৰমানপত্ৰক লৈ বিশ্বনাথত প্ৰতিক্ৰিয়া! চাহ জনজাতি জাতীয় সন্মিলনী(অসম) অধ্যক্ষলৈ বিসংগতি সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰদান…

0 162

ৰাজ্যত চাহ জনগোষ্ঠীৰ সকলৰ নামত ভুৱা জাতিৰ প্ৰমানপত্ৰক লৈ চাঞ্চল্যকৰ খবৰ মাৰ নৌ যাওঁতেই বিশ্বনাথতো চলিছে এতিয়া বিষয়টোক লৈ সৰ্বত্ৰে চৰ্চা৷ ইতিমধ্যে চাহ জনগোষ্ঠী লোক সকলৰ নামত কেইবাটাও ভুৱা জাতিৰ প্ৰমানপত্ৰ উদ্ধাৰ কৰি চিনাক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে চাহ জনগোষ্ঠী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ চাহ জনগোষ্ঠী লোক সকলৰ নামত চৰকাৰী সংৰক্ষণ তথা সুবিধা পাবৰ বাবে এচামে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা ভুৱা জাতিৰ প্ৰমানপত্ৰ উলিয়াই অবৈধ দুইনম্বৰী বজাৰ গঢ়ি তুলিবলৈ সক্ষম হয় বুলি বিভিন্ন লোকে মতপোষণ কৰে ৷ উল্লেখ্য যে এই ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ সুবিধাবাদী নেতা জড়িত থকাৰ অভিযোগ উথথাপিত হৈছে ৷

বিষয়টোৱে চৰম পৰ্যায় পোৱা অৱশেষত বিশ্বনাথ জিলা চাহ জনজাতি জাতীয় সন্মিলনী (অসম)য়ে আয়োজন কৰা ৰাজহুৱা সভাৰ আহ্বান মৰ্মে কেইবাটাও সিদ্ধান্ত গ্ৰহন কৰে৷ ইতিমধ্যে ভুৱা জাতিৰ প্ৰমানপত্ৰ উদ্ধাৰ কৰা তথা বিভিন্ন বিসংগতি সন্দৰ্ভত চাহ জনজাতি জাতীয় সন্মিলনী(অসম)ৰ কেন্দ্ৰীয় অধ্যক্ষ পৃথিৱী মাঝিক সাক্ষাৎ গ্ৰহনেৰে প্ৰায় আধাঘণ্টা জোৰা আলোচনাৰ অন্তত এক স্মাৰকপত্ৰ প্ৰদান কৰা হয় বুলি বিশ্বনাথ জিলা চাহ জনজাতি জাতীয় সন্মিলনী (অসম)ৰ বিষয়ববীয়া সকলে জানিব দিয়ে ৷ সুত্ৰটোত সদৰি কৰা কেন্দ্ৰীয় নেতৃত্বই সমাজখনৰ উত্তৰণৰ স্বাৰ্থত গঠনমুলক পদক্ষেপ গ্ৰহন কৰিব বুলি আশা প্ৰকাশ কৰে বিশ্বনাথ জিলা চাহ জনজাতি জাতীয় সন্মিলনী(অসম)ৰ বিষয়ববীয়া সকলে৷

Leave A Reply

Your email address will not be published.