Breaking

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে উন্নয়নৰ দিশত দোপত দোপে আগবাঢ়িছেঃ মুখ্যমন্ত্ৰী নয়াব সিং চাইনি…

0 21

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী নয়াব সিং চাইনি। আজি পুৱাই শক্তিপীঠ কামাখ্যাত উপস্থিত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনি। পত্নীসহ কামাখ্যা মাৰ আশিস ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।

হাৰিয়ানাৰ জনতাৰ সৰ্বাংগীন উন্নয়নৰ বাবে মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছো বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে অসমৰ মুখ্যমন্তীগৰাকীৰ সন্দৰ্ভত তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে উন্নয়নৰ দিশত দোপত দোপে আগবাঢ়িছে।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী গৰাকীক পত্নীৰ লগতে সংগ দিয়ে হাৰিয়ানা বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই।

Leave A Reply

Your email address will not be published.