Breaking

দেৰগাঁৱৰ পুলি কৰৈয়নিত পানীত পৰি সলিল সমাধি ১৩ বছৰীয়া ছাত্ৰৰ…

0 30

দেৰগাঁৱৰ পুলি কৰৈয়নিত মৰ্মান্তিক ঘটনা। পানীত পৰি মৃত্যু ১৩ বছৰীয়া ছাত্ৰ। ছাত্ৰ জন পুলি কৰৈয়নিৰ বিকাশ ভৰালী বুলি জানিব পৰা গৈছে। সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল বিকাশ ভৰালী। চবুৰীয়াৰ ঘৰৰ পৰা ৫০ টকা চুৰি আৰু শৌচ কৰাৰ অভিযোগৰ বাবেই চৰম সিদ্ধান্ত ছাত্ৰ জনৰ।


অভিযোগৰ বাবেই কলিৰে পৰা নিৰুদ্দেশ হৈ আছিল ছাত্ৰ জন। অভিযোগ মিছা আছিল বুলি দাবী পৰিয়ালৰ লোকৰ। আজি বিয়লি ভাগত বাৰীৰ পাছতে থকা এটা দ-জানত উদ্ধাৰ মৃতদেহ। ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনা সম্পৰ্কত আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব ঘটনাৰ প্রকৃত ৰহস্য।

Leave A Reply

Your email address will not be published.