Breaking

অসম সাহিত্য সভাৰ লণ্ডন শাখাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান সম্পন্ন…

0 16

অসম সাহিত্য সভাৰ যুক্তৰাজ্য লণ্ডন শাখাৰ ২৬ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটো অলপতে লণ্ডন চহৰৰ কিংছ লেঙলী হলত অনুষ্ঠিত হয়। বহু সংখ্যক প্ৰবাসী অসমীয়াৰ উপস্থিতিত অনুষ্ঠিত কাৰ্যসূচীৰ আৰম্ভণিতে চিৰ চেনেহী মোৰ ভাষা জননীৰ গীতটিৰে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ডঃ অমৰজ্যোতি চৌধুৰী, পণ্ডিত সুকুমাৰ বৰঠাকুৰ, কন্ঠশিল্পী ডঃ সংগীতা কাকতি উপস্থিত থাকে। সভাত যুক্তৰাজ্য অসম সাহিত্য সভাৰ কৰ্ণধাৰ সভাপতি ভুৱন বৰুৱা, জীৱন কুমাৰী বৰুৱা দেৱী আৰু অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্য্য হাজৰিকা দেৱৰ শুভেচ্ছা বাণী পাঠ কৰা হয়। সভাত নৱগঠিত কাৰ্য্যকৰী কমিটিৰ সদস্যবৃন্দই শপত গ্ৰহণ কৰে আৰু গীতা বৰুৱাই সভাপতি পদৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে।

সভাত মুখ্য অতিথি হিচাপে ভাগ লোৱা ড০ অমৰজ্যোতি চৌধুৰীক এখন ফুলাম গামোছাৰে আদৰণি জনোৱা হয়। বিগত (২০১৭-২০২৪) অসম সাহিত্য সভা যুক্তৰাজ্য শাখাৰ সভাপতি তাৰ আগতে ১৫ বছৰ সম্পাদিকা হিচাবে থকা মঞ্জিৰা চৌধুৰীয়ে তেঁওৰ বিদায় ভাষণত যুক্তৰাজ্য অসম সাহিত্য সভাৰ জন্ম বৃত্তান্ত সুঁৱৰি কেনেকৈ সোঁতৰ বিপৰীতে সাতুৰি এই সভাই এই পৰ্যায় পোৱা সঁচাকৈয়ে গৌৰৱৰ কথা বুলি ব্যক্ত কৰে। দেশে বিদেশে থকা সকলো অসমীয়াকে অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আহ্বান জনায়। আনহাতে ড০ অমৰজ্যোতি চৌধুৰীয়ে ভাষণত সাত সাগৰ তেৰ নদীৰ সিপাৰত অসমীয়া ভাষা সংকৃষ্টিৰ কল্যানৰ বাবে বিগত ২৫ বছৰে অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাই লানি নিচিঙাকৈ কৰি আহিছে আৰু আগলৈকে কৰি থাকিব বুলি বিশ্বাস আছে বুলি ব্যক্ত কৰে। তেওঁ অসমীয়া ইতিবাচক বক্তৃতা ৰখাৰ লগতে ডঃ ভূপেন হাজৰিকাৰদেৱৰ মৃত্যৃত লিখা কবিতাৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰে। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানটো থলুৱা শিল্পীৰ দ্বাৰা পৰিৱেশিত সমৱেত সংগীতেৰে মুকলি কৰা হয়।

বিশিষ্ট গায়িকা ড০ সংগীতা কাকতিৰ সুকন্যা আনৌস্কাৰ ৰজাঘৰীয়া চালি নৃত্য আৰু ড০ সংগীতা কাকতিৰ কোকিল কণ্ঠৰ ন-পুৰণি গীতৰ সমাৰোহে উপস্থিত সকলো শ্ৰোতাৰ মন আকৃষ্ট কৰে । যুক্তৰাজ্য অসম সাহিত্য সভাই অসমীয়া কৃষ্টি সংকৃষ্টিক নৱ প্ৰজন্মৰ মাজত জীপাল কৰি ৰখাৰ অভিপ্ৰায়ৰে কণ কণ মাইনা ক্ৰমে – ঊৰ্বি শৰ্মা, দিত্যগাথা ৰাজখোৱা , অৰিহনৰ গীত-কৱিতাই সকলোকে আপ্লুত কৰে। নিলাক্ষী দলে, ময়ুৰাক্ষী , বহনাৰ নৃত্য আৰু মীৰা দত্ত , নিৰলা বৰুৱা আৰু অংগুৰ শইকীয়াৰ স্বৰচিত কৱিতাৰ লগতে অঞ্জীৱ ৰাজখোৱাই স্বৰচিত গীতে সকলোকে আৰ্কষিত কৰে। সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটোৰ আঁত ধৰে সাংস্কৃতিক সম্পাদিকা গীতোৎপলা বৰদলৈয়ে। আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি চিত্ৰশিল্পী ৰূপম বৰঠাকুৰৰ উদ্যোগত এখন চিত্ৰাংকণ কৰ্মশালা অনুষ্ঠিত হয়। শেষত শলাগৰ শৰাই আগবঢ়ায় সম্পাদিকা জাহ্নৱী গগৈয়ে।

Leave A Reply

Your email address will not be published.