Breaking

হিউমেন ডেভেলপমেন্ট ফাউণ্ডেশ্বনৰ উদ্যোগত গছপুলি বিতৰণ আৰু গছপুলি ৰোপণ কাৰ্যসূচী সফলতাৰে সম্পন্ন…

0 30

বৰপেটা জিলাৰ হাউলীৰ নিকটৱৰ্তী ইটাৰভিঠাস্থিত কাৰ্যালয়ৰে পৰিচালিত ৰাজ্যখনৰ অন্যতম বেচৰকাৰী সংস্থা হিউমেন ডেভেলপমেন্ট ফাউণ্ডেশ্বনৰ উদ্যোগত আৰু আস্থা আশ্ৰমৰ সহযোগত ৰাইজৰ মাজত গছপুলি বিতৰণ আৰু ফাউণ্ডেশ্বনৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী সফলতাৰে সমাপ্ত হয় । হিউমেন ডেভেলপমেন্ট ফাউণ্ডেশ্বন আৰু আস্থা আশ্ৰমৰ সঞ্চালক আনোৱাৰুল ইছলাম আকন্দে উক্ত গছপুলি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে ।

গছপুলি বিতৰণ কাৰ্যসূচীত সচেতন নাগৰিক তথা শিক্ষক মাহমুদুৰ ৰহমান খান¸ সমাজকৰ্মী জাবেদুৰ ৰহমান খান¸ বৰপেটা জিলা সাহিত্য সন্মিলনীৰ সভাপতি সেখ ৰহমত উল্লাহ¸ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদকে আদি কৰি ভালে সংখ্যক গন্য মান্য ব্যক্তি উপস্থিত থাকে । উল্লেখযোগ্য যে ¸ হিউমেন ডেভেলপমেন্ট ফাউণ্ডেশ্বনৰ উদ্যোগত প্ৰায়ে সমাজকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰে উদ্যোক্তাসকলে ।

ঈদ আৰু পূঁজা পাৰ্বণত বস্ত্ৰ বিতৰণ আৰু খাদ্য সামগ্ৰী বিতৰণ¸ আস্থা আয়ুৰ্বেদিক ফাৰ্ম এণ্ড ওৱেলফেয়াৰ ছেন্টাৰৰ উদ্যোগত হেল্থ চেকআপ কেম্প কৰা¸ চিলাই মেচিন আৰু দমকল বিতৰণ কৰা¸ ট্ৰেইলৰিং প্ৰশিক্ষণ দিয়াকে আদি কৰি বিভিন্ন সমাজ উন্নয়ণমূলক কাম কৰি আহিছে । লগতে ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা আৰু নিচা মুক্তিৰ সজাগতা সভাৰ আয়োজন কৰি আহিছে । আজি গছপুলি বিতৰণ আৰু গছপুলি ৰোপণ কাৰ্যসূচীত স্থানীয় ৰাইজৰ লগতে সচেতন ৰাইজে সহায়-সহযোগ কৰাৰ বাবে সঞ্চালক আনোৱাৰুল ইছলাম আকন্দে সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

Leave A Reply

Your email address will not be published.