Breaking

কৰ্তব্যৰত আৰক্ষীৰ দলক আক্ৰমণ কৰা আঠগৰাকী লোকক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ ঢেকীয়াজুলি আৰক্ষীৰ…

0 20

ঢেকীয়াজুলি আৰক্ষীথানাৰ অন্তৰ্গত ফঁটা শিমলু গাঁৱত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত আঠগৰাকী লোকক গ্ৰেপ্তাৰ কৰি শনিবাৰে দিনৰ ২ বজাত জে’ল হাজোতলৈ প্ৰেৰণ কৰে ঢেকীয়াজুলি আৰক্ষীয়ে৷প্ৰাপ্ত তথ্য অনুসৰি শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষীথানাৰ অধীনস্থ বৰছলা আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বৰগোহাঁইৰ নেতৃত্বত আৰক্ষীৰ দলে ২ আগষ্ট ২০২৪ তাৰিখে পুৱতি নিশা ১ বাজি ৩০ মিনিটত বৰছলা আৰক্ষীচকী এলেকাৰে ফঁটা শিমলু গাঁৱত গ্ৰেপ্তাৰী পৰোৱানাৰ আচামী বিছাৰি গৈছিল ৷ আৰক্ষীৰ দলটোৱে ফঁটা শিমলু গাঁৱৰ গ্ৰেপ্তাৰী পৰোৱানাৰ আচামী ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ সময়তে গাওঁখনৰ মহিলা পুৰুষ মিলাই প্ৰায় ৩৫ জনীয়া এটা দলে বৰছলা আৰক্ষীচকীৰ কৰ্তব্যৰত আৰক্ষীৰ দলটোক

কৰ্তব্যত বাধা দিয়ে৷আনকি অতি উগ্ৰ মেজাজী লোক সকলে ইমানতে ক্ষান্ত নাথাকি আৰক্ষীৰ দলটোক পিছফালৰ পৰা আক্ৰমণ চলোৱাৰ লগতে আৰক্ষী জোৱানৰ হাতত থকা অস্ত্ৰ কাঢ়ি নিয়ে বুলি আৰক্ষী সুত্ৰে প্ৰকাশ৷যদিওঁ পিছত কোনোমতে কাঢ়ি নিয়া অস্ত্ৰ উদ্ধাৰ কৰি নিজৰ প্ৰাণ ৰক্ষা পেলায় বৰছলা আৰক্ষীৰ দলে,যদিওঁ এজাই সজীৱ গুলি বৰ্তমানলৈকে উদ্ধাৰ কৰিব নোৱাৰিলে বুলি জনায় উক্ত গোচৰৰ তদন্তকাৰী আৰক্ষী বিষয়া ৰাজকুমাৰ টায়ে৷ইয়াৰ পিছতে ঢেকীয়াজুলি আৰক্ষীৰ সহযোগত বৰছলা আৰক্ষীয়ে ফঁটা শিমলু গাঁৱত তীব্ৰ অভিযান চলাই আৰক্ষীক আক্ৰমণ কৰা আঠগৰাকী লোকক আটক কৰে যদিওঁ বাকী থকা সকলে পলায়ন কৰে৷এই সন্দৰ্ভত ঢেকীয়াজুলি আৰক্ষীয়ে ১৩৫/২০২৪ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত U/S-

190/190(2)/190(3)/118(2)/109/132/304/76 of BNS ত ছহিদুল ইছলাম(৫০) আকবৰ আলী (৪০) হাবিদা খাতুন(৪৫)ৰমিছা খাতুন(৬৭) ৰামজুমা খাতুন (২৭)ফুলচেন খাতুন(২০)ছালিমা খাতুন (২০) ৰ লগতে ফাতেমা খাতুন (৪৫)ক গ্ৰেপ্তাৰ কৰি আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ইপিনে কৰ্তব্যৰত আৰক্ষীৰ ওপৰত একাংশই অমানবীয় ভাবে আক্ৰমণ কৰা কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে সনাতনী বীৰ হিন্দু সেনাৰ নেতা মণিকণ দাসে৷মণিকণ দাসে কয় যি আৰক্ষীয়ে আমাৰ বাবে দিনে নিশাই কষ্ট কৰে সেই আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাটো বৰ চিন্তনীয় বিষয় হৈ পৰিছে৷সেয়েহে এই ক্ষেত্ৰত আৰক্ষী অধিক কঠোৰ হব লাগিব৷

Leave A Reply

Your email address will not be published.