Breaking

ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল, কোকৰাঝাৰৰ খেলত বি এছ এফৰ বিৰুদ্ধে বৃহৎ জয় ওড়িছা এফ চিৰ…

0 15

আই এছ এলৰ দল ওড়িছা এফ চিয়ে চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ শনিবাৰে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ই’ৰ এখন খেলত বি এছ এফ ফুটবল দলৰ বিৰুদ্ধে ৫-০ গলত জয়লাভ কৰি চমকপ্ৰদ আৰম্ভনি কৰিছে৷ প্ৰতিযোগিতাত উভয় দলে শনিবাৰে প্ৰথম মেচত অৱতীৰ্ণ হয়৷ খেলৰ প্ৰথমাৰ্ধত গ’ল হোৱা নাছিল যদিও দ্বিতীয়াৰ্ধত ওড়িছাই আঠ মিনিটৰ ভিতৰেত তিনিটা গল কৰি মেচ নিজৰ আয়ত্বলৈ আনে৷ ৫০ মিনিটত ৰাহুলে, ৫৬ মিনিটত আপহোবা আৰু ৫৮ মিনিটত গিবছনে গল কৰি ওড়িছাৰ বিজয় নিশ্চিত কৰাৰ পাছতে গিবছনে ৭৯ মিনিটত দ্বিতীয়টো তথা এক মিনিট পূৰ্বে ৰ’ছনে [৭৮ মিনিট] দলৰ হৈ পঞ্চমটো গল কৰে৷

প্ৰতিযোগিতাৰ কাইলৈ অনুষ্ঠিত হ’বলগা দিনটোৰ প্ৰথম মেচখনত কেৰালা ব্লাষ্টাৰ্ছ এফ চিয়ে পঞ্জাৱ এফ চিৰ বিৰুদ্ধে খেলিব৷ কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত দিনৰ চাৰি বজাত গ্ৰুপ ‘চি’ৰ এই মেচখন অনুষ্ঠিত হ’ব৷ কেৰালা ব্লাষ্টাৰ্ছ এফ চিয়ে প্ৰথম মেচত ৮-০ গলত পৰাস্ত কৰিছিল মুম্বাই চিটী এফ চিক৷ ইফালে, কাইলৈ জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত হ’বলগা দিনটোৰ দ্বিতীয় মেচখনত জামছেদপুৰ এফ চি আৰু চেন্নাইয়ান এফ চি মুখামুখি হ’ব৷ গ্ৰুপ ‘ডি’ৰ মেচখন নিশা সাত বজাত অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷

ডুৰাণ্ড কাপঃ উল্লেখ্য যে ১৮৮৮ চনত শিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷

Leave A Reply

Your email address will not be published.