Breaking

ভাৰতৰ কেইজন ধনী ব্যক্তি আৰু তেওঁলোকৰ প্ৰিয় খাদ্য…

0 22

ভাৰতৰ ডাঙৰ ব্যৱসায়ী মুকেশ আম্বানী গুজৰাটী খাদ্যৰ বাবেও পৰিচিত। ভাৰতৰ বৃহৎ ব্যৱসায়ীসকলৰ ভিতৰত মুকেশ আম্বানীক গণ্য কৰা হয়। তেওঁ প্ৰায়ে বহু পাৰ্টি আৰু সামাজিক সভাত অংশগ্ৰহণ কৰে। ব্যস্ততাপূৰ্ণ সময়সূচী থকাৰ পিছতো তেওঁ প্ৰথমে নিজৰ স্বাস্থ্যৰ যত্ন লয়। মুকেশ আম্বানীয়ে প্ৰতিদিনে অতি কঠোৰ নিৰামিষ খাদ্য পালন কৰে আৰু জাংক ফুডৰ পৰা আঁতৰি থাকে। তেওঁৰ প্ৰিয় খাদ্য আৰু snacks এন্টিলিয়াৰ পাকঘৰত প্ৰস্তুত কৰা হয়।

দুপৰীয়াৰ আহাৰ হওক বা ৰাতিৰ আহাৰ হওক, মুকেশ আম্বানীৰ খাদ্যাভ্যাস দিনটোৰ ভিতৰতে পৰম্পৰাগত ভাৰতীয় খাদ্যৰ ওপৰত নিৰ্ভৰশীল। মুকেশ আম্বানীয়ে গুজৰাটী থালি বৰ ভাল পায়। য’ত থাকে দাইল, শাক-পাচলি, ভাত, চূপ আৰু চালাড। জীৱনশৈলী সুস্থ কৰি ৰাখিবলৈ এনে খাদ্যৰ প্ৰয়োজন। যদিও মুকেশ আম্বানীয়ে স্বাস্থ্যসন্মত ঘৰতে বনোৱা খাদ্য খায়, তথাপিও তেওঁ সপ্তাহত এবাৰ বাহিৰৰ খাদ্যও খায়। মুকেশ আম্বানীৰ প্ৰিয় snacksৰ নাম ‘পাংকি’। যিটো পিঠাগুৰিয়ে তৈয়াৰ কৰা হয়। মেথি পাত আৰু অলপ হালধি দি বনাব লাগে। ইয়াক কলৰ পাতত তৈয়াৰ কৰা হয়। যিটো চাটনি আৰু আচাৰৰ সৈতে পৰিবেশন কৰা হয়। মেথি আৰু অন্যান্য মছলাৰ বাবে ই স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াক কম ঘিউ বা তেল দি বনাব পাৰি। সেইবাবেই ই কম চৰ্বিযুক্ত snacks।

Leave A Reply

Your email address will not be published.