Breaking

কামাখ্যা মন্দিৰসহ নীলাচলৰ পাহাৰত মুক্ত বিচৰণ কৰা হাতীটোক অৱশেষত উদ্ধাৰ…

0 50

২০ জুলাইত গুৱাহাটী ৰেঞ্জৰ চন্দ্ৰপুৰ বিটত প্ৰথমবাৰৰ বাবে এটা হাতী (মাখনা) কৰ্মচাৰীয়ে দেখা পাইছিল।ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে বন্যহস্তীটোৱে চাপৰি অঞ্চললৈ নদীৰ সোঁতৰ মাজেৰে চন্দ্ৰপুৰলৈ যায়। চন্দ্ৰপুৰত এদিন কটোৱাৰ পিছত হাতীটোৱে ৰাতি নদীয়েদি ৰামছিং চাপৰিলৈ যায় আৰু তাতেই চাৰিদিন আশ্ৰয় লয়। ২৪ জুলাইত নূনমাটিৰ সুঞ্চালী গ্ৰাণ্টৰ সমীপৰ ৰামছিং চাপৰি এৰি নীলাচল পাহাৰত বাস কৰে।২৬ জুলাইৰ সন্ধিয়ালৈকে হাতীটোক কামাখ্যাৰ বংছি বাগান অঞ্চলত স্থানীয় লোকে প্ৰত্যক্ষ কৰে, য’ত হাতীটোৱে এটা সীমাৰ দেৱালৰ কিছু ক্ষতিসাধন কৰাৰ পিছত কামাখ্যা কলনীৰ তলৰ হাবিত তিনিদিন ধৰি থাকে।

তেতিয়াৰ পৰাই প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত গুৱাহাটী ৰেঞ্জ, দক্ষিণ গুৱাহাটী ৰেঞ্জ, প্ৰটেকচন স্কোয়াড ৰেঞ্জ, আমচাং বন্যপ্ৰাণী ৰেঞ্জ, আৰু দীপৰ বিল ৰেঞ্জৰ যৌথ দলৰ লগতে অ’চি জালুকবাৰী আৰু জিলা প্ৰশাসনৰ নেতৃত্বত জিৱান কে গোস্বামীয়ে এৰি থৈ যোৱা জালুকবাৰী আৰক্ষী , এডিচি এডিচিয়ে হাতীটোৰ গতিবিধি নিৰীক্ষণ কৰি জন্তুটোৰ লগতে স্থানীয় বাসিন্দা উভয়ৰে সুৰক্ষা সুনিশ্চিত কৰি আহিছে। ২৭, ২৯ আৰু ৩১ জুলাইত হাতীটোক শান্ত কৰাৰ চেষ্টা কৰা হৈছিল যদিও প্ৰত্যাহ্বানমূলক ভূখণ্ড আৰু পথৰ দুৰ্বল ব্যৱস্থাই এই প্ৰচেষ্টাসমূহ বিফল কৰি তুলিছিল। কালিপুৰ অঞ্চলত ৫ দিন অৰ্থাৎ ২০২৪ চনৰ ৪ আগষ্ট পৰ্যন্ত কালিপুৰ অঞ্চলৰ সংযুক্ত বন আৰু আৰক্ষীৰ দলটোৱে হাতীটোক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যাতে কাষৰীয়া লোকৰ কোনো ধৰণৰ ক্ষতি নহয়।

চতুৰ্থ প্ৰয়াসত ৪ আগষ্টত দহ ঘণ্টীয়া নিষ্ঠাবান প্ৰচেষ্টাৰ অন্তত এফ ভি অ’ ডাঃ প্ৰণৱ দাসৰ নেতৃত্বত অসম ৰাজ্যিক চিৰিয়াখানা উদ্ধাৰকাৰী দলে বানপানীয়ে বুৰাই পেলোৱা হাতীটোক সফলতাৰে শান্ত কৰি শেষত কালিপুৰ অঞ্চলৰ পৰা উদ্ধাৰ কৰে। ৫ আগষ্টৰ পুৱা প্ৰায় ৭ বজাত কালিপুৰৰ নীলাচল বিদ্যাপীঠৰ সমীপত হাতীটো ডাৰ্ট কৰি লজিষ্টিক ব্যৱহাৰ কৰি কামৰূপ পূৱ সংমণ্ডলৰ ৰাণী আৰ এফলৈ লৈ যোৱা হয় আৰু মুকলি কৰি দিয়া হয়।

কুমকি হাতীৰ দুটা নং আৰু এটা বিশেষ এন্টি ডিপ্ৰেডেচন টিম নিয়োগ কৰা হয়, য’ত উপস্থিত থাকে বিষয়া ক্ৰমে পুষ্পধৰ বুঢ়াগোহাঁই, এএফএছ, এচিএফ মনুৰঞ্জন বৰ্মন, এএফএছ, এচিএফ, প্ৰাঞ্জল বৰুৱা এএফএছ ৰেঞ্জ অফিচাৰ গুৱাহাটী, মুকুট মালাকাৰ, বি অ’ ফটাচিল বিট, জিন্টু তালুকদাৰ, বি অ’ খানামুখ বিট আৰু এছিয়ান হাতী বিশেষজ্ঞ গোট আৰু অসম হাতী ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক।

Leave A Reply

Your email address will not be published.