বৰঘৰত এতিয়া মূল্যবৃদ্ধিৰ জুইঃ প্ৰতিকাৰ কৰোতা কোনো নাই…

অসমত এতিয়া খবৰ কাগজ অথবা সাধাৰণ জনতাৰ মুখে মুখে এটাই খবৰ, এটাই আলোচনা। সেয়া হ’ল নিত্য-ব্যৱহাৰ্য প্ৰতিটো সামগ্ৰীৰে আকাশলংঘী মূল্যবৃদ্ধি। অথচ আমাৰ বাহাদুৰ চৰকাৰৰ গা লৰাই নাই। হয়তো এই মূল্যবৃদ্ধিৰ কথা তেওঁলোকৰ ভাবিবলৈকে সময় নাই অথবা প্ৰয়োজনবোধো কৰা নাই। কাৰণ মধ্যবিত্ত অথবা নিম্ন মধ্যবিত্ত বা একেবাৰে নিম্ন শ্ৰেণীৰো কোনো কাণসাৰেই নাই যে বজাৰত হোৱা মূল্যবৃদ্ধিৰ জুইকুৰাই তেওঁলোকৰ বৰঘৰো এতিয়া পুৰি চাৰখাৰ কৰিব। আচলতে কৰিব নহয় কৰিছেই। এইখিনিতে এটা কাহিনী কওঁ- ‘এখন দেশৰ এজন ৰজাই ঘোষণা কৰিলে যে দেশত যিমানবিলাক ধোদ আছে তেওঁলোকক ৰজাঘৰৰ পৰাই পোহপাল দিয়া হ’ব। তাকে শুনি দেশত যিমানবিলাক অকৰ্মণ্য লোক আছে তেওঁলোক সকলোৱে নিজে ধোদ বুলি ৰজাৰ পৰা সাহায্য ল’বলৈ ধৰিলে। কথা বিষম দেখি ৰজাই এটা বুদ্ধি কৰিলে। এদিন ধোদবিলাক শুই থাকোতে ধোদৰ ঘৰত জুই লগাই দিলে। কথা বিষম দেখি ধোদৰ ভাও ধৰাসকল নিজ নিজ ঘৰৰ পৰা ওলাই পলাই পত্ৰং দিলে। কিন্তু তিনিজন ধোদ তেতিয়াওঁ শুয়ে থাকিল। ঘৰত জুই বেছিকৈ লগাত সিঁহতৰে এজনে অকণমান গাটো লৰাই ক’লে- কিয়া হুম হুম। আন এজনে ক’লে কিয়া গুম গুম। তেতিয়া তৃতীয়জনে গাত কাপোৰখন ভালকৈ টানি লৈ ক’লে- কিয়া চকু মেলি চাৱৰে ভায়া। জুই দপদপাই জ্বলাৰ পিছতো যেতিয়া সেই তিনিজন ধোদ ঘৰটোৰ পৰা ওলাই নাহিল ৰ’জাই ক’লে- ইহঁতহে প্ৰকৃত ধোদ। তেওঁলোককহে ৰাজসাহায্য দিয়া হওক।’ আজি আমাৰ অৱস্থাও সেই ধোদ তিনিজনৰ লেখীয়া হৈছে। বজাৰত ইমানকৈ বস্তুৰ দাম বাঢ়ি গৈছে তথাপি আমাৰ কোনো প্ৰতিক্ৰিয়াই নাই। কিয়া হুম হুম, কিয়া গুম গুম, কিয়া চকু মেলি চোৱাৰে ভায়াৰ দৰেই আমিও এই পৰ্যন্ত চকু মুদি শুই আছো। অথচ বজাৰলৈ গৈ ঊৰ্ধবমুখী দামৰ বাবে বস্তু কিনিব নোৱাৰি খালী বেগখন লৈয়ে ঘূৰি আহিবলগীয়া হৈছে। আমাৰ মানুহে হয়তো ভাবিছে যে আমাক দেখোন চৰকাৰে ঘৰতে বিনামূলীয়াকৈ সকলো দিছে।

গতিকে বজাৰলৈনো কিয় বস্তু কিনিবলৈ যাব লাগে। ঘৰতে আৰামত শুই-বহি খাই থাকিলেই হ’ল। বিনামূলীয়া চাউল, বিনা কষ্টই বেংকত পইচা সোমায়ে আছে, ঘৰৰ শৌচাগাৰটোও আনকি চৰকাৰে বিনামূলীয়াকৈ দিছে। মুঠতে এতিয়া সকলোকে লাগে কেৱল চৰকাৰী সা-সুবিধা। গাঁৱৰ একাংশ মহিলা ব্যস্ত লাখপতি হোৱাৰ সপোন দেখাত। আঁচনিৰ বন্যাত উটি-ভাহি গৈ কাৰো এতিয়া ভাবিবলৈকে সময় নোহোৱা হৈছে মূল্যবৃদ্ধিৰ কথা। কি আচৰিত, সাধাৰণ মানুহে বজাৰত বয়-বস্তু কিনিব নোৱৰা হৈছে অত্যধিক মূল্যবৃদ্ধিৰ বাবে। সাধাৰণ বস্তু এটা কিনিবলৈ হ’লেও মানুহে আজি দহবাৰ ভাবিবলগীয়া হয়। মূল্যবৃদ্ধিৰ সমস্যাৰ বাবেই অধিকসংখ্যক সাধাৰণ দুখীয়া-দৰিদ্ৰ লোকৰ ঘৰতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বহুতৰ ঘৰৰ ল’ৰা-ছোৱালী বিদ্যালয়লৈ যোৱাটোৱেই বন্ধ হৈ পৰিছে। চিকিৎসাৰ অভাৱত বহুতে বিনা চিকিৎসাই জীৱন নাট সামৰিবলগীয়া হৈছে। বহুতে আকৌ অহৰ্নিশে মৃত্যুৰ সৈতে সংগ্ৰাম কৰি আছে। মুঠতে সকলো অথন্তৰৰ মূলেই হৈছে মূল্যবৃদ্ধি। আঁচৰিত কথাটো হ’ল- মূল্যবৃদ্ধি দ্ৰুতহাৰত বাঢ়ি গৈ থকাৰ পিছতো আমি ইয়াৰ বিৰুদ্ধে মাত মাতিব পৰা নাই। মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব পৰা নাই। মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক বাধ্য কৰাব পৰা নাই। অথচ মূল্যবৃদ্ধিৰ জুইত আমি জ্বলি জ্বলি শেষ হৈ গৈ আছো। আমি বাৰু ইয়াৰ বিৰুদ্ধে কিয় প্ৰতিবাদ কৰিব পৰা নাই। কিহৰ ভয়। আঁচনি হেৰোৱাৰ ভয় নহয়তো। আমি সঁচা কথাতহে মাতিব লাগে। তেনে কিয় নোৱাৰো আমি এইখিনি কৰিবলৈ ? আমাক মূল্যবৃদ্ধিয়ে নিঃশেষ কৰি পেলালেও আমি মাতিব নোৱাৰিম। আমাৰ সেই শক্তি আজি আৰু নাই। কাৰণ আমি যে হিতাধিকাৰী। আঁচনিৰ ভৰত আমি মূল্যবৃদ্ধিৰ ভৰৰ কথা উমানেই কৰিব পৰা নাই। নাই নহয় আচলতে নোৱাৰো। গতিকে ‘কিয়া চকু মেলি চাৱৰে ভায়া’…। ধিক্ অসমীয়া। বৰ্তমান সময়ত কোনো শাক-পাচলিৰে দাম ৫০ টকাৰ তলত নাই। চাউল, দালি, মিঠাতেল, আলু-পিঁয়াজ, গাখীৰৰ দাম বৃদ্ধি হৈহে গৈ আছে। আনহাতে, পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছ তথা বিদ্যুৎ মাচুল বৃদ্ধিয়ে ত্ৰাহি মধুসূধন দেখুৱাইছে সাধাৰণ জনতাক। ইফালে চৰকাৰে মূল্যবৃদ্ধি সংক্ৰান্তত আজিলৈ এষাৰ মাত মতা নাই। আমাৰ জনপ্ৰিয় নেতাসকলো নীৰৱ। আনহাতে, অসমৰ জাতীয় সংগঠনবোৰো বৰ দুখ লগাকৈ নীৰৱ। কিন্তু কিয় ? আৰু কিমানলৈ বস্তুৰ মূল্যবৃদ্ধি হ’লে তেওঁলোক সাৰ পাব। সাধাৰণ জনতা ক্ষোভত জ্বলিছে। তথাপি সাৰেই পোৱা নাই আমাৰ ত্ৰাণকৰ্তা জনতাৰ নেতাসকল। কিন্তু সময়ে সময়ে হ’লে মূল্যবৃদ্ধিক লৈ তুলুঙা মন্তব্য কৰিবলৈ পাহৰা নাই তেওঁলোকে। নিৰ্বাচন আহিলেই ৰজাঘৰীয়া তৎপৰ হৈ পৰে আঁচনিৰ নামত। কিমান যে কি আঁচনি। সেইবোৰ মনত ৰখাই টান। কিন্তু নিৰ্বাচনী সভাবোৰত কোনেওঁ নকয় মূল্যবৃদ্ধি হ্ৰাস কৰাৰ কথা। আঁচনিৰ ভৰত সাধাৰণ জনতায়ো পাহৰি যায় কালান্তক ৰূপ ধৰা মূল্যবৃদ্ধিৰ কথা। সেয়ে লঘোণীয়া পেটেৰেই নিৰ্বাচনী সভাবোৰত নেতাৰ আঙুলিৰ ঠাঁৰত নাচি নাচি ভোক পাহৰে তেওঁলোকে। সকলো মৌন হৈ পৰে। যেন মূল্যবৃদ্ধিৰ কোনো প্ৰভাৱেই পৰা নাই সাধাৰণ জনতাৰ ওপৰত। ইয়াৰে সুন্দৰ সুযোগ লয় ৰাজনৈতিক নেতাসকলে। আকৌ পঞ্চায়ত নিৰ্বাচন আহিছে। তাৰ পিছতে হ’ব অসম বিধানসভাৰ নিৰ্বাচন। গতিকে আৰম্ভ হ’বৰ হ’ল আমাৰ নেতাসকলৰ আকৌ সেই কাণ তাল মৰা ভাষণ, অংগী-ভংগী, নাচ-গান। আৰু এই নাচ-গানৰ লহৰৰ জৰিয়তে সাধাৰণ জনতাক পাহৰাই ৰখাৰ চেষ্টা চলিব ঊৰ্ধবগামী মূল্যবৃদ্ধিৰ প্ৰসংগ। গতিকে পৰিত্ৰাণ নাই। মূল্যবৃদ্ধিৰ জুইত ছগাৰ দৰে পুৰি যে মৰিব লাগিব ই ধুৰুপ।


ভূতৰ ওপৰত দাহ পৰা দি এইবাৰ আকৌ সাধাৰণ জনতাৰ মূৰত মাধমাৰ পৰিছে চিকিৎসালয়ৰ চিকিৎসা মাচুল বৃদ্ধিৰ যোগেদি। চৰকাৰী চিকিৎসালয়সমূহত সাধাৰণতে আমাৰ খাটিখোৱা নিম্ন শ্ৰেণীৰ লোক অথবা নিম্ন মধ্যবিত্ত, মধ্যবিত্ত লোকসকলকহে যোৱা দেখা যায়। উচ্চ শ্ৰেণীৰ লোকসকলেতো ব্যক্তিগত খণ্ডৰ চিকিৎসালয় অথবা অসমৰ বাহিৰলৈহে চিকিৎসাৰ বাবে যায়। হয়তো তেওঁলোকৰ আমাৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসাৰ প্ৰতি বিশ্বাস নাই অথবা আস্থা নাই। কিন্তু সাধাৰণতে যিসকলে বহু আশা কৰি চৰকাৰী চিকিৎসালয়লৈ চিকিৎসাৰ বাবে যায় তেওঁলোকলৈ নামি আহিছে আকৌ এটা দুঃখবৰ। এতিয়াৰ পৰা চিকিৎসালয়ৰ পঞ্জীয়ন মাচুল এশ শতাংশই বৃদ্ধি কৰা হ’ল। পূৰ্বে চিকিৎসালয়ত নাম পঞ্জীয়ন কৰোতে ভৰিব লগা হৈছিল ১০ টকা। কিন্তু এতিয়াৰ পৰা ভৰিব লাগিব ২০ টকা। ইয়াৰ উপৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বৰ্তমান ১০৭টা পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হ’ল। থাইৰডৰ পৰীক্ষা মাচুল ৬০০ টকাৰ পৰা বৃদ্ধি পাই ৮০০ টকা হ’লগে। ‘ডি’ ভিটামিন পৰীক্ষাৰ মাচুল পূৰ্বৰ ১,২০০ টকাৰ পৰা বৃদ্ধি কৰা হ’ল ১,৫০০ টকালৈ আৰু পেয়িং কেবিনৰ মাচুল ১০০০ টকাৰ পৰা ১,২০০ টকালৈ বৃদ্ধি কৰা হ’ল। এয়া মাত্ৰ কেইটামান উদাহৰণহে। অচিৰেই অন্যান্য চৰকাৰী হাস্পতাল, মেডিকেল কলেজ হাস্পতালসমূহলৈয়ো সম্প্ৰসাৰণ ঘটিব। এয়া দুখীয়া মানুহখিনিৰ বাবে মাধমাৰ নহয়নো কি ? চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া ঔষধ নাপায়। এতিয়া বাহিৰত ঔষধ কিনিবলৈ গ’লে দুগুণ-তিনিগুণ ধন ভৰিব লগা হয়। কাৰণ প্ৰায় প্ৰতিটো ঔষধৰ মূল্যই অভাৱনীয় হাৰত বৃদ্ধি পাইছে। মুঠতে মৰণ এতিয়া কেৱল সাধাৰণ প্ৰজাৰহে। কাৰণ আমাৰ ৰজা-মন্ত্ৰীসকলেতো সময়ে সময়ে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিয়েই আছে। আনহাতে, আন আনুষংগিক সকলো সুবিধাও তেওঁলোকে পায়। গতিকে সেইসকলে চৰকাৰী চিকিৎসালয়ত থকা ৰোগীজনৰ বা সেই পৰিয়ালটোৰ মৰ্মবেদনা কেনেকৈ উপলব্ধি কৰিব পাৰিব। নহ’লেনো ঔষধৰ দৰে সামগ্ৰী বিধৰ লগতে চিকিৎসালয়ৰ পঞ্জীয়ন মাচুল বৃদ্ধিৰ দৰে হঠকাৰী চিন্তা কৰিব পাৰেনে ? এনেদৰে ‘সব কা বিকাশ’ সুদূৰ পৰাহত।

লেখকঃ ভূপেন মহন্ত

Related Articles