Breaking

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ আঁৰত ISIৰ হাত ! অভিযোগ আমেৰিকাত থকা শ্বেখ হাছিনাৰ পুত্ৰ সজীৱ ৱাজেদ জায়ৰ এই বিস্ফোৰক অভিযোগ…

0 33

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ আঁৰত ISIৰ হাত। অভিযোগ আমেৰিকাত থকা শ্বেখ হাছিনাৰ পুত্ৰ সজীৱ ৱাজেদ জায়ৰ এই বিস্ফোৰক অভিযোগ। বাংলাদেশৰ পৰিস্থিতিৰ পাছত দেশখনলৈ ঘূৰি নোযোৱাৰ সিদ্ধান্ত শ্বেখ হাছিনাৰ। ইয়াৰ পাছত ভাৰতৰ সীমান্তত BSFৰ হাই এলাৰ্ট জাৰি। নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া কৰি তোলা হৈছে সীমান্তত।

জানিব পৰা মতে, কালি হিংসাত্মক ঘটনা অব্যাহত থকাৰ পাছৰে পৰা ২১ জুলাইৰ পৰা বাংলাদেশত মুঠ মৃতকৰ সংখ্যা ৪৪০ অতিক্ৰম কৰিছে। প্ৰথম অৱস্থাত এই মৃতকৰ মাজত আন্দোলনকাৰীৰ সংখ্যা বেছি আছিল। কিন্তু কালিৰে পৰা ‘প্ৰতিশোধ’ৰ নামত আৱামী লীগৰ নেতা-কৰ্মী আৰু আৰক্ষীক নিৰ্বিচাৰে আক্ৰমণ কৰা হৈছে। কালি দুপৰীয়াৰ ভিতৰত বাংলাদেশৰ সেনাধ্যক্ষৰ শান্তি ঘূৰাই অনাৰ অনুৰোধৰ পিছত যেন আৰু অধিক হিংসাত্মক কাৰ্য্যৰ বাবে ‘লাইচেন্স’ লাভ কৰিলে এক শ্ৰেণীৰ প্ৰতিবাদকাৰীয়ে।

ইফালে বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনে সংখ্যালঘু আৰু সাংবাদিকৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দিয়ে। কিন্তু ইয়াৰ মাজতে বাংলাদেশৰ বহু ঠাইত জাতিৰ জনক বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হয়। তেওঁৰ স্মৃতি সংগ্ৰহালয়ত জুই লগাই দিয়া হয় য’ত ১৯৭৫ চনৰ ১৫ আগষ্টত তেওঁক হত্যা কৰা হৈছিল।

Leave A Reply

Your email address will not be published.