Breaking

দিল্লীতে আছে শ্বেখ হাছিনা, ভাৰতে আগন্তুক দিনৰ পৰিকল্পনা কৰিবলৈ সময় দিছে হাছিনাকঃ জয়শংকৰ

0 33

মঙলবাৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত সকলো পক্ষৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত তেওঁ কয় যে ভাৰত চৰকাৰে হাছিনাক ভৱিষ্যত পৰিকল্পনাৰ বাবে কিছু সময় দিছে। দিল্লীত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত এই মন্তব্য বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ। মঙলবাৰে বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত সকলো পক্ষৰ সৈতে বৈঠকত বহিছিল। এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰও উপস্থিত থাকে। কেন্দ্রই কয় যে নতুন দিল্লী বাংলাদেশ সেনাৰ সৈতে যোগাযোগত আছে৷ পৰিস্থিতি কোন দিশলৈ গতি কৰিব সেয়া হ’ব লক্ষ্যণীয়।

সূত্ৰ অনুসৰি বাংলাদেশক লৈ ভাৰতৰ স্থিতি কি, জয়শংকৰে সৰ্বদলীয় বৈঠকত উপস্থিত থকা সকলো সাংসদক জনায়। তেওঁৰ বক্তব্য অনুসৰি এতিয়াৰ বাবে ভাৰতে হাছিনাক কিছু সময় দিব বিচাৰিছে। তেওঁৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে ভাৰত চৰকাৰক অৱগত কৰিব। সেই চিন্তাৰ বাবে সময় উলিয়াই। নতুন দিল্লীয়ে হাছিনাৰ পৰিকল্পনা জানি পৰৱৰ্তী সিদ্ধান্ত ল’ব। হাছিনাৰ পদত্যাগ আৰু পলায়নৰ পিছত বাংলাদেশৰ ক্ষমতা এতিয়া সেনাৰ হাতত। সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে দায়িত্ব লয়। সেনাৰ নেতৃত্বত গঠন হ’ব কেয়াৰটেকাৰ চৰকাৰ। এই পৰিৱৰ্তিত পৰিস্থিতিত বাংলাদেশত বসবাস কৰা ভাৰতীয়সকলৰ সুৰক্ষা সুনিশ্চিত কৰাটোৱেই কেন্দ্ৰৰ লক্ষ্য বুলি জয়শংকৰে কয়।

Leave A Reply

Your email address will not be published.