Breaking

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন, কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা…

0 50

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন। জনতা ভৱনৰ লোক সেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত উদ্বোধনী অনুষ্ঠান। একাদশ শ্ৰেণীত নামভৰ্তি কৰে প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী ১০০০টকাকৈ সৰ্বাধিক ১০মাহলৈ বছৰত মুঠ ১০,০০০টকা। স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীৰ বাবে মাহিলী ১২৫০টকাকৈ সৰ্বাধিক ১০মাহলৈ বছৰত মুঠ ১২,৫০০টকা।

স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী ২৫০০ টকাকৈ সৰ্বাধিক ১০ মাহলৈ বছৰত মুঠ ২৫,০০০ টকা। আগন্তুক তিনিটা বৰ্ষত এই আঁচনিৰ জৰিয়তে ১০ লাখ শিক্ষাৰ্থীক সাঙুৰি লোৱাৰ লক্ষ্য।প্ৰতিখন জিলাৰ বিদ্যালয় মহাবিদ্যালয়ত এই আঁচনিৰ আনুষ্ঠানিক শুভ উদ্বোধন।

অৱশ্যে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰীসকলে এই আঁচনিৰ সুবিধা লাভ নকৰিব। উচ্চতৰ আৰু স্নাতক মহলাত অধ্যয়নৰত কোনো ছাত্ৰী যদি বিবাহিত তেওঁৱো এই আঁচনিৰ পৰা বঞ্চিত হ’ব। অৱশ্যে স্নাতকোত্তৰ অধ্যয়নৰত ছাত্ৰী বিবাহিত হ’লেও তেওঁ এই আঁচনিৰ সুবিধা লাভ কৰিব।

কোনো ছাত্ৰী যদি একেটা শ্ৰেণীতে অনুত্তীৰ্ণ হৈ থাকে তেন্তে তেওঁৱো এই আঁচনিৰ পৰা বঞ্চিত হ’ব লাগিব। আনহাতে এই আঁচনিৰ সুবিধা সেইসকল ছাত্ৰীয়েহে লাভ কৰিব যিসকলে স্কুটি নলয়। ৰাজ্য চৰকাৰে এই আঁচনিৰখনৰ বাবে বান্ধি দিয়া চৰ্ত অনুসৰি স্কুটি আৰু নিযুত মইনাৰ যিকোনো এখন আঁচনিহে বাচি ল’ব লাগিব ছাত্ৰীয়ে। একেলগে দুয়োখন আঁচনিৰ সুবিধা লাভ নকৰিব।

ৰাজ্যত ৫ বছৰত মুঠ ১০ লাখ ছাত্ৰীয়ে এই আঁচনিখনৰ সুবিধা লাভ কৰিব। আঁচনিখনৰ বাবে অসম চৰকাৰে ৩০০ কোটি টকা ধাৰ্য কৰিছে। আজি দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে এই আঁচনি আৰম্ভ কৰিব।

Leave A Reply

Your email address will not be published.