Breaking

কৃতী ছাত্ৰ- ছাত্ৰীৰ সম্বৰ্ধনা আৰু কৰ্মশালাৰ সামৰণি অনুষ্ঠান…

0

ঐতিহ্যমণ্ডিত কুমাৰপাৰাস্থিত শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰ(নামঘৰ)ৰ উদ্যোগত শংকৰ-মাধৱ সাংস্কৃতিক সমন্বয় সমাজৰ উদ্যোগত অহা ইং ১১ আগষ্ট, ২০২৪ তাৰিখ, দেওবাৰে দিনৰ ১১ বজাৰ পৰা বৰগীত আৰু সত্ৰীয়া নৃত্যৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ডিষ্টিংচনসহ উত্তীৰ্ণ হৈ বৃহত্তৰ কুমাৰপাৰা অঞ্চলটোলৈ সুনাম তথা গৌৰৱৰ ঢল কঢ়িয়াই অনা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে গীত-মাতৰ এক বৰ্ণিল অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰ, কুমাৰ পাৰাৰ মুখ্য সেৱক সনাতন দাস বাপে জানিব দিয়ে।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব নিউজ লাইভৰ পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুচেইন, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব জনপ্ৰিয় অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা বিশেষ আমন্ত্ৰণিত অতিথি হিচাপে শিশু নিকেতন হায়াৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ৰীণা ভৌমিকৰ লগতে বিশিষ্ট অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি খনিন্দ্ৰ ৰাজবংশী, সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাস, উত্তৰ-পূৱ

দিব্যাংগ উন্নয়ন সন্থাৰ সভাপতি নিৰঞ্জন কলিতা, সমাজ সেৱক ৰাজু সাহানী, পৱন কুমাৰ আগৰৱালা, অভিজিৎ মজুমদাৰ, সত্ৰ মহাসভাৰ উত্তৰ পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়ন, সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক হৰিপ্ৰসাদ শইকীয়া বৰবায়ন, অনাতাঁৰ শিল্পী নলিনী মহন্ত উপস্থিত থাকিব বুলি শংকৰ মাধৱ সাংস্কৃতিক সমন্বয় সমাজৰ কাৰ্যকৰী সম্পাদক কমল কুমাৰে জনায়।

Leave A Reply

Your email address will not be published.