Breaking

পুৱাই ভূমিকম্পৰ জোকাৰণিঃ ৪.৫ ৰিখটাৰ স্কেলৰ প্ৰাব্যলৰ ভূমিকম্পই জোকাৰি গ’ল…

0 32

ছিকিমৰ পৰা উৎপত্তি হোৱা উত্তৰ বংগত পুৱা ৪.৫ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি যায়। ছিকিমৰ নামচিৰ পৰা ৯ কিলোমিটাৰ দূৰত্বত ভূমিকম্পৰ উৎস। ভূটানতো ভূমিকম্পৰ কঁপনি অনুভৱ কৰা হৈছিল। কিন্তু এই পৰ্যন্ত ভূমিকম্পৰ বাবে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই। এই ভূমিকম্পই আলিপুৰদুৱাৰৰ জলপাইগুৰিকে ধৰি উত্তৰ বংগৰ বৃহৎ অংশ কঁপাই তুলিছে।

বৃহস্পতিবাৰে পুৱা ৬:৫৭ বজাত অনুভূত হয় এই কঁপনি। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৫।একাংশ বতৰ বিজ্ঞানীৰ মতে এই ভূমিকম্পৰ উৎপত্তি ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ তলত। উত্তৰ ছিকিমৰ ৰাবাংলাৰ সমীপত দাৰ্জিলিঙৰ পৰা ২২ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই ভয়ংকৰ কেন্দ্ৰটো।

Leave A Reply

Your email address will not be published.