Breaking

বাংলাদেশৰ অৰাজক পৰিস্থিতিৰ আঁৰত কোন! দেশত গণতন্ত্ৰ পুনৰুদ্ধাৰ হ’লে বাংলাদেশলৈ পুনৰ ঘূৰিব শ্বেখ হাছিনা…

0 21

এক সাক্ষাৎকাৰত হাছিনা পুত্ৰ ছাজিব ৱাজেদ জয়ে কয় যে আমি শ্বেখ মুজিবুৰ ৰহমানৰ পৰিয়াল। আমি আমাৰ দেশৰ জনসাধাৰণ আৰু আমাৰ দলৰ নেতা-কৰ্মী-সমৰ্থকক এনেদৰে পিঠি দিব নোৱাৰো। ছাজিবে কয় যে মই কৈছিলো, মা দেশলৈ ঘূৰি নাহে। কিন্তু তাৰ পিছৰ পৰাই যোৱা দুদিনত পৰিস্থিতিৰ বহু পৰিৱৰ্তন হৈছে। আমাৰ দলৰ নেতাসকলৰ ওপৰত ধাৰাবাহিক আক্ৰমণ আৰম্ভ হৈছে। গতিকে আমি সিদ্ধান্ত লৈছো, আমাৰ দলৰ নেতা-কৰ্মীক বচাবলৈ যি কৰিব লাগে আমি কৰিম।

সোমবাৰে বিয়লি বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি সেনাৰ বিমানেৰে ভাৰতলৈ আহিছিল হাছিনাই। তেওঁৰ লগত আছিল তেওঁৰ ভগ্নী শ্বেখ ৰেহানা। কিন্তু হাছিনা দেশ এৰি যোৱাৰ খবৰটোও নাজানিছিল তেওঁৰ দল আৱামী লীগৰ নেতা-মন্ত্ৰীসকলে। হাছিনা যোৱাৰ পিছত তেওঁলোকৰ বহুকেইজনক আন্দোলনকাৰীয়ে আক্ৰমণ কৰে। বহুতৰে মৃত্যু হ’ল। বহুতেই গৃহহীন। বহু নেতাই লুকাই থাকিব লগা হৈছে। শেষত এনে বহু নেতাই হাছিনাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। হাছিনাৰ কেবিনেটৰ এজন প্ৰাক্তন সদস্যই ক’লে, “তেওঁ আমাক ইমান বিপদত কেনেকৈ এৰি দিলে!” সাক্ষাৎকাৰত তেওঁ কয় যে আৱামী লীগ হৈছে বাংলাদেশৰ আটাইতকৈ ডাঙৰ আৰু পুৰণি ৰাজনৈতিক দল। আমি শ্বেখ মুজিবুৰ ৰহমানৰ পৰিয়াল। আমি আমাৰ দেশৰ জনসাধাৰণ আৰু আমাৰ দলৰ নেতা-কৰ্মী-সমৰ্থকক এনেদৰে পিঠি দিব নোৱাৰো। তেওঁ (শ্বেখ হাছিনা) দেশলৈ উভতি আহিব। বাংলাদেশত গণতন্ত্ৰ পুনৰুদ্ধাৰ হ’লেহে ঘূৰি আহিব।” অৱশ্যে ৭৬ বছৰীয়া শ্বেখ হাছিনা ‘সক্ৰিয় ৰাজনীতিবিদ’ হিচাপে দেশলৈ ঘূৰি আহিব নে নহয় সেয়া স্পষ্ট কৰা নাই জয়।

Leave A Reply

Your email address will not be published.