Breaking

আজি ‘আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস’…

0 21

‘আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস’ উপলক্ষে মন্ত্ৰী পীযুষ হাজৰিকাৰ সামাজিক মাধ্য়মত এটি পোষ্ট

বিশ্বৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰ ৰক্ষা কৰিবলৈ আৰু তেওঁলোকৰ অভিব্যক্তিক গোটেই বিশ্বৰ আগত দাঙি ধৰিবলৈ আজিৰ দিনটোত ‘আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস’ উদযাপন কৰা হয়।

আজিৰ এই বিশেষ দিনটোত বিভিন্ন খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বাসভূমি অসমৰ প্ৰতিগৰাকী ভূমিপুত্ৰলৈ শ্ৰদ্ধাপূৰ্ণ শুভকামনা জনাইছোঁ। এই বিশেষ ক্ষণত সকলোকে খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ অনুপম-অনন্য কলা-সংস্কৃতি,

ঐতিহ্য সংৰক্ষণৰ হেতু প্ৰতিশ্ৰুতিবদ্ধ হ’বৰ বাবে আহ্বান জনাইছোঁ। আন্তৰিকতাৰে আশা কৰিছোঁ, খিলঞ্জীয়া ৰাইজৰ একতা, সম্মিলিত প্ৰয়াস, ঐক্যবদ্ধ কৰ্ম-সেৱাই সকলো অপশক্তিক নাশ কৰিব।

Leave A Reply

Your email address will not be published.