Breaking

ধেমাজিৰ নটৰাজ ডান্স একাডেমীৰ গ্ৰীষ্মকালীন অনুষ্ঠান, কণ কণ শিশুয়ে ভাওনা প্ৰদৰ্শনেৰে মুগ্ধ কৰিলে ৰাইজক…

0 15

সাংস্কৃতিক ক্ষেত্ৰত চহকী ধেমাজি জিলাৰ নগাখেলিয়াত ২০২১ চনত প্ৰতিষ্ঠা হোৱা নটৰাজ ডান্স একাডেমীৰ উদ্যোগ এক গ্ৰীষ্মকালীন কৰ্মশালা তথা মহাপুৰুষীয়া নাট প্ৰদৰ্শনৰ এক অনুষ্ঠান অলপতে সামৰণি পৰে। নগাখেলিয়া নামঘৰৰ প্ৰাংগনত বদলা পদ্ম আতা সত্ৰ নাৰায়ণপুৰৰ বৰবায়ন দাদু দত্ত আৰু বায়ন পৰাগ শইকীয়াই অৰ্ধ শতাধিক কন কন শিশুক ৫শ বছৰীয়া ঐতিহ্যমণ্ডিত মহাপুৰুষীয়া সত্ৰীয়া সংস্কৃতিৰ অংকীয়া নাট-ভাওনাৰ প্ৰশিক্ষণ প্ৰদান কৰে। অধ্যক্ষ ৰিদীপ শইকীয়া আৰু পৰিচালিকা ৰিচা শইকীয়াই পৰিকল্পনাত নটৰাজ ডান্স একাডেমীত প্ৰদৰ্শন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান সৃষ্টি “শ্ৰী ৰাম বিজয়” অংকীয়া নাটখনৰ।

ভাওনাখনত সুত্ৰধাৰৰূপে সাগৰ দিহিঙ্গীয়া (১৮), ৰাম- বৰুণ বিকাশ সোণোৱাল (১১) , লক্ষ্মণ- ত্ৰিদিপ বৈশ্য (১১), সীতা-গৰিমা গগৈ (৯) কনকাৱতী-সংগীতা গগৈ (১০) , মদন মন্থৰা- ভাগ্যশ্ৰী গগৈ (১০), প্ৰথম সখী- ডেইজি দত্ত (১০), দ্বিতীয় সখী- জেচমিন দত্ত ( ৯) , বিশ্বামিত্ৰ- ৰিচা শইকীয়া(২০), প্ৰথম লিতিকাই- প্ৰীতিস্মীতা ভৰালী (৬), দ্বিতীয় লিতিকাই- ইপ্সিতা দেউৰী(৮), দশৰথ- জিশু তামুলী (৯), জনক- বৈভৱ ভূঞা (১২), মন্ত্ৰী – শিৰোমণি দত্ত(১২), তাৰকাসুৰ- নিহা বৰুৱা (১১), মাৰিচ -চিম্লন দত্ত (৯), সুবাহু- মেৰুনী প্ৰিয়াঞ্চী শইকীয়া (৮), পৰশুৰাম- নিহা বৰুৱা (১১), প্ৰথম ৰজা-চিম্লন দত্ত (৯), দ্বিতীয় ৰজা- মেৰুনী প্ৰিয়াঞ্চী শইকীয়া (৮), তৃতীয় ৰজা-লেকিচা আৰুশ্ৰী শইকীয়া( ৭), চতুৰ্থ ৰজা- প্ৰজ্ঞা দত্ত (৮), পঞ্চম ৰজা- লুইচ দত্ত ( ১১), ষষ্ঠ ৰজা- জুমন সোণোৱাল (৬), সপ্তম ৰজা- প্ৰজ্ঞান দাস ( ৯), অষ্টম ৰজাৰ ভাও ৰূপে সান্নিধ্য দত্ত (৯)ই অভিনয় কৰি উপস্থিত দৰ্শকক আপ্লুত কৰাই নহয় উষ্ণ প্ৰশংসা বুটলিবলৈ সক্ষম হয়।


কণ কণ শিশু শিল্পী সকলক অসমীয়া জনজীৱনৰ আপুৰুগীয়া এই মহান আধ্যাত্মিক সংস্কৃতিৰ প্ৰতি , মহাপুৰুষীয়া সত্ৰীয়া সংস্কৃতিৰ পৰিবেশন, অধ্যয়ন আৰু চৰ্চা প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে আয়োজন কৰা এই প্ৰদৰ্শনে ধেমাজি বাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নটৰাজ ডান্স একাডেমীৰ সম্পাদক দীপেন ভৰালীয়ে জনোৱা মতে অচিৰেই অনুষ্ঠানটোৱে বিশিষ্ট সমল ব্যক্তিৰ দ্বাৰা পুনৰ প্ৰণালীবদ্ধ ৰূপত লোক সংস্কৃতিৰ পৰিবেশ্য কলাৰ কৰ্মশালা আৰু প্ৰশিক্ষণ আয়োজনৰ দিহা কৰা বুলি জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.