Breaking

পশ্চিম জালুকবাৰীৰ ছাত্ৰৰ ৰাছিয়াত সন্মানীয় বৃত্তি লাভ…

0 20

গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম জালুকবাৰীৰ মাদাৰ টেৰেছা পথ নিবাসী বৰ্ণিল দাস নামৰ এজন ছাত্ৰই ৰাছিয়াৰ শৈক্ষিক ক্ষেত্ৰৰ সন্মানীয় ‘ইণ্টাৰনেশ্যনেল অলিম্পিয়াদ ২০২৩-২৪ বৃত্তি লাভ কৰি ৰাছিয়াৰ ৰাজধানী চহৰ মস্কোত অধ্যয়নৰ বাবে নিৰ্বাচিত হৈছে। গুৱাহাটীৰ দিল্লী পাব্লিক স্কুলৰ পৰা এইবেলি দ্বাদশ শ্ৰেণীত কলা শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বৰ্ণিল দাসে মস্কো ষ্টেট ইনষ্টিটিউট অৱ ইণ্টাৰনেশ্যনেল ৰিলেচন চমুকৈ এম জি আই এম অৰ অধীনত অনুষ্ঠিত এক আন্তৰ্জাতিক পৰীক্ষাত অৱতীৰ্ণ হৈ এই বৃত্তি লাভৰ বাবে নিৰ্বাচিত হৈছে। ভাৰতৰ অতি কম সংখ্যক শিক্ষাৰ্থীয়ে এই বৃত্তি লাভৰ বাবে নিৰ্বাচিত হৈছে আৰু উত্তৰ পূবৰ পৰা বৃত্তি লাভ কৰা তেৱেঁই একমাত্ৰ শিক্ষাৰ্থী।

এই বৃত্তি লাভ কৰাৰ সূত্ৰে বৰ্ণিল দাসে আগন্তক চাৰি বছৰৰ বাবে বিনামূলীয়াকৈ মস্কোত উচ্চ শিক্ষা গ্ৰহণৰ বাবে সুযোগ পাব। অহা ২৭ আগষ্টত তেঁও মস্কো অভিমুখে গুৱাহাটীৰ পৰা যাত্ৰা কৰিব। উল্লেখ্য যে বৰ্ণিল দাস গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প দাস আৰু মালিগাঁৱৰ নেতাজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী শান্তনা তালুকদাৰৰ কনিষ্ঠ পুত্ৰ।

Leave A Reply

Your email address will not be published.