Breaking

মুক্তিৰ পিছত পত্নীৰ সৈতে প্ৰথম কাপ চাহঃ ১৭ মাহৰ পাছত জামিন লাভ মনীষ চিছ’দিয়াৰ…

0 17

সুৰা কেলেংকাৰীত ১৭ মাহৰ পাছত জামিন লাভ মনীষ চিছ’দিয়াৰ। উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা জামিনক সত্যৰ বিপৰীতে জয় বুলি অভিহিত কৰিছে মনীষ ছিছ’দিয়াই। আম আদমী পাৰ্টিয়ে ছিছ’দিয়াৰ মুক্তিৰ সময়ত বিজয় শোভাযাত্ৰা উলিয়াই তেওঁৰ গাত ফুল ছটিয়াই। আম আদমী পাৰ্টিৰ কৰ্মীসকলৰ মুখত আনন্দৰ সৃষ্টি হৈছিল যেন যুদ্ধত জয়ী হৈছে।

জেলৰ পৰা ওলাই অহাৰ পিছত আজি এখন ফটো শ্বেয়াৰ কৰিছে মনীষ চিছ’দিয়াই, য’ত তেওঁক পত্নীৰ সৈতে চাহ খোৰৱা দেখা গৈছে। ইয়াৰ লগতে তেওঁ কেপচনত লিখিছে, ‘মুক্তিৰ পিছত ৰাতিপুৱা প্ৰথম চাহ… ১৭ মাহৰ পিছত!

বিগত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে আৰু তাৰ পিছত ৯ মাৰ্চত বলবৎকাৰী সঞ্চালকালয়ে (ইডি) সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক। ইয়াৰ পিছত তেওঁ প্ৰায় ১৭ মাহ জেলত আছিল। এই সময়ছোৱাত মনীষ চিছ’দিয়াৰ জামিন আবেদন কেইবাবাৰো নাকচ কৰা হৈছিল যদিও শুকুৰবাৰে (৯ আগষ্ট) উচ্চতম ন্যায়ালয়ে তেওঁক জামিন মঞ্জুৰ কৰে, তাৰ পিছত তেওঁ জেলৰ পৰা ওলাই আহে। আনহাতে উচ্চতম ন্যায়ালয়ে কিছু চৰ্তসহ মনিষ ছিছ’দিয়াক জামিন মঞ্জুৰ কৰিছে। ৰায়দান দিওঁতে উচ্চতম ন্যায়ালয়ে কয় যে এই গোচৰত এতিয়ালৈকে ৪০০ৰো অধিক সাক্ষী আৰু হাজাৰ হাজাৰ নথি দাখিল কৰা হৈছে। অনাগত দিনত গোচৰৰ অন্ত পৰাৰ কোনো দূৰৈৰ সম্ভাৱনা নাই। এনে পৰিস্থিতিত ছিছ’ডিয়াক জিম্মাত ৰখাটো তেওঁৰ স্বাধীনতাৰ মৌলিক অধিকাৰ উলংঘা হ’ব। উচ্চতম ন্যায়ালয়ে ইডি আৰু চিবিআই গোচৰত ১০ লাখ টকাকৈ জামিন বণ্ড দিবলৈ কয় মনীষ চিছ’দিয়াক। তেওঁলোকে পাছপ’ৰ্ট জমা দিব লাগে, তেওঁলোকে প্ৰমাণ বা সাক্ষীক প্ৰভাৱিত নকৰে। মনীষ চিছ’দিয়াই প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে ওচৰৰ থানাত ৰিপৰ্ট দিব লাগিব।

Leave A Reply

Your email address will not be published.