Breaking

ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

0 28

দিনযোৰা কাৰ্যসূচীৰে সোণাপুৰ স্থিত ডিমৰীয়া উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সোণাপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় । ২০২৪ বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাত ডিমৰীয়া অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র ছাত্ৰী সকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় ।

প্ৰায় ৭০০ সংখ্যক ছাত্ৰ ছাত্ৰী অভিভাৱক তথা ৰাইজৰ উপস্থিতিত ডিমৰীয়া অঞ্চলৰ প্ৰায় শতাধিক সংখ্যক কৃৰ্তী ছাত্র ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা লগতে আৰ্থিকভাৱে অনগ্ৰসৰ ১০ গৰাকী মেধাৱী ছাত্ৰীক আৰ্থিক সাহাৰ্য্য আগবঢ়াই । পুৱা ১০ বজাত সন্থাৰ সভাপতি ভাৰ্গবজ্যোতি গোস্বামীয়ে পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ পিছতে শ্বহীদ তৰ্পণ , গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে আজিৰ বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি ৰূপে আই পি এছ বিষয়া গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা , বিশিষ্ট অতিথি ৰূপে নিউজ লাইভ ৰ জ্যেষ্ঠ কাৰ্যবাহী সম্পাদক ছায়ামণি ভূঞা আৰু নিৰ্দিষ্ট বক্তা ৰূপে অসম পহু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ গবেষণা সঞ্চালক ড° প্ৰবোধ বৰা উপস্থিত থাকে ।

দুপৰীয়া ১২ বজাৰ পৰা আদৰণি সমিতিৰ সভাপতি ফণীচৰণ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশেষ অভিনন্দন অনুষ্ঠানৰ সভাৰ নিৰ্দিষ্ট বক্তা ড° প্ৰবোধ বৰাই ছাত্র ছাত্ৰী সকলক জীৱন যুজঁ ত সফল বিফলতাৰ বাখ্যাৰে কৰি বিফলতাৰ আৰত হতাশা নহৈ বিফলতাক সফলতাৰ মাপকাঠিৰে বিচাৰ বিশ্লেষণ কৰাৰ পৰামৰ্শ আগবঢ়াই ।

আনহাতে আৰক্ষী আয়ুক্ত দিগন্ত বৰায়ো নিজে কেনেকৈ বিভিন্ন সংঘাতৰ মাজেৰে সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত অবতীৰ্ণ হৈ আই পি এছ বিষয়া হবলৈ পালে সেই কাহিনী কৈ প্ৰতিজন ছাত্র ছাত্ৰীয়ে চেষ্টা অধ্যয়ন অৱ্যাহৃত ৰাখিলে নিশ্চয়কৈ সফল হব পাৰিব বুলি উল্লেখ কৰে । ইফালে নিউজ লাইভৰ সম্পাদক ছায়ামণি ভূঞাই ছাত্র ছাত্ৰী সকলক উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ নিজৰ সমাজ জাতিৰ বাবে কাম কৰিবলৈ আহ্বান জনায় ।ইফালে ছাত্ৰ সন্থাৰ বিষয়ববিয়া সকলে জানিবলৈ দিয়া মতে সন্ধিয়া ছাত্র ছাত্ৰী সকলৰ দ্বাৰা তিনিখনকৈ নাটক পৰিবেশন কৰিব ।

Leave A Reply

Your email address will not be published.