Breaking

প্ৰাক্তন স্বামীৰ এংগেজমেণ্টৰ পিছত এইবাৰ বিয়াৰ প্ৰস্তাৱ আহিল সামান্থা ৰুথ প্ৰভুলৈ…

0 43

শেহতীয়াকৈ সামান্থা ৰুথ প্ৰভুৰ প্ৰাক্তন স্বামী তথা অভিনেতা নাগা চৈতন্যই অভিনেত্ৰী শোভিতা ধূলিপালাৰ সৈতে তিনি বছৰৰ বিবাহ বিচ্ছেদৰ অন্তত বাগ্দান কৰে। ইফালে, সামান্থা ৰুথেও বিবাহৰ প্ৰস্তাৱ লাভ কৰিছে, যাৰ সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়েও তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

অৱশ্যে এংগেজমেণ্টৰ পিছত চৈতন্য আৰু শোভিতাই অহৰহ ট্ৰ’লৰ সন্মুখীন হ’বলগীয়া হৈছে। প্ৰাক্তন স্বামীৰ এংগেজমেণ্টৰ মাত্ৰ কেইদিনমান পিছতে সামন্ত ৰুথে বিবাহৰ প্ৰস্তাৱ লাভ কৰিছে। অভিনেত্ৰীগৰাকীৰ এজন অনুৰাগীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ৰ জৰিয়তে তেওঁক বিয়াৰ প্ৰস্তাৱ দিছে। এই ইনষ্টাগ্ৰাম হেণ্ডেলৰ নাম ‘মুকেশ চিন্তা’। মুকেশে এটা অতি ধেমেলীয়া ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ হায়দৰাবাদৰ সামান্থা ৰুথৰ ঘৰ বিচাৰি পোৱাৰ অভিনয় কৰি তেওঁৰ ‘জিম’ত এটা আঁঠু লৈ প্ৰপ’জ কৰে। ভিডিঅ’টোৰ আৰম্ভণিতে মুকেশে ধেমালিতে কয়, ‘মই সামান্থাক ক’বলৈ বিচাৰিছো যে তাই চিন্তা কৰাৰ প্ৰয়োজন নাই কাৰণ মই তাইৰ বাবে সদায় থাকিম’। অভিনেত্ৰীগৰাকীৰ ঘৰ পোৱাৰ পিছত জিমত তাইক বিচাৰি ফুৰে। ইয়াৰ পিছত তেওঁ সামান্থাক বিয়াৰ প্ৰস্তাৱ দিয়ে আৰু কয়, ‘আপুনি যদি বিয়া হ’বলৈ সাজু, মইও সাজু’। আৰ্থিকভাৱে স্বাধীন হ’বলৈও তেওঁ সামান্থাৰ পৰা দুবছৰৰ সময়ও বিচাৰিছে। তাৰ পিছত তেওঁ এটা আঁঠু লৈ বিয়াৰ প্ৰস্তাৱ দিয়ে। একে সময়তে সামন্থাইও এই ভিডিঅ’টোত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

মুকেশৰ এই ভিডিঅ’টোৰ কমেণ্ট ছেকচনত নিজৰ প্ৰতিক্ৰিয়া দিওঁতে সামান্থাই লিখিছে, ‘বেকগ্ৰাউণ্ডত থকা জিমে মোক প্ৰায় পতিয়ন নিয়াইছিল’। লগতে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত সামান্থাৰ প্ৰতিক্ৰিয়া শ্বেয়াৰ কৰি মুকেশে লিখিছে, ‘যদি পৃথিৱীখন সামান্থাৰ বিৰুদ্ধে হয়, তেন্তে মই পৃথিৱীৰ বিৰোধী’।

Leave A Reply

Your email address will not be published.